Skip to main content

ভাগৱত গীতা

ভাগৱত (“ঈশ্বৰৰ গীত” বা “ভগৱানৰ গীত”) হিন্দু ধৰ্মৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্মীয় গ্ৰন্থসমূহৰ ভিতৰত অন্যতম আৰু সৰ্বাধিক পৰিচিত। লেখক, কবি, বিজ্ঞানী, ধৰ্মতত্ত্ববিদ, আৰু দাৰ্শনিকসকলে যুগ যুগ ধৰি ইয়াৰ উদ্ধৃতি দি আহিছে। পশ্চিমীয়াসকলৰ বাবে ই হিন্দু ধৰ্মৰ পৰিচয়মূলক গ্ৰন্থ।

ইয়াক সাধাৰণতে গীতা বুলি কোৱা হয়, দৰাচলতে ই মহাকাব্য মহাভাৰতৰ অংশ। ইয়াৰ ৰচনাৰ তাৰিখ সেয়েহে মহাকাব্যখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত, খ্ৰীষ্টপূৰ্ব ৫মৰ পৰা ৩য় শতিকা। কিন্তু সকলো পণ্ডিত এই কথাত একমত নহয় যে এই গ্ৰন্থখন প্ৰথমে মহাভাৰত গ্ৰন্থত অন্তৰ্ভুক্ত কৰা হৈছিল সেয়েহে ইয়াৰ তাৰিখ পিছলৈ খ্ৰীষ্টপূৰ্ব ২য় শতিকা বুলিও ধাৰ্য কৰা হয়।

যোদ্ধা-ৰাজকুমাৰ অৰ্জুন আৰু অৰ্জুনৰ পৰিয়াল  (পাণ্ডৱ) আৰু মিত্ৰ আৰু ৰাজকুমাৰ দুৰ্যোধন আৰু তেওঁৰ পৰিয়ালৰ (কৌৰৱ) আৰু তেওঁলোকৰ মিত্ৰসকলৰ মাজৰ কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাকমূহুৰ্তত অৰ্জুনৰ সাৰথিৰ ৰূপত অৱতীৰ্ণ ভগৱান কৃষ্ণ আৰু তেওঁৰ সখা অৰ্জুনৰ সংলাপ। এই সংলাপ কৃষ্ণই সঞ্জয়ক ৰহস্যময় দৃষ্টিশক্তিৰে সঞ্জয়ে অন্ধ ৰজা ধৃতৰাষ্ট্ৰক (দুয়োজন যুদ্ধক্ষেত্ৰৰ পৰা দূৰৈত) আবৃত্তি কৰি শুনাইছিল কাৰণ যাতে ধৃতৰাষ্ট্ৰই যুদ্ধখন চাব পাৰে।

পৰা শাসনৰ আধিপত্যৰ বাবে যুঁজত অবতীৰ্ণ হোৱা কৌৰৱ আৰু পাণ্ডৱ নিকট সম্পৰ্কীয় আৰু দুয়োপক্ষৰ পাৰস্পৰিক বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সদস্য দুয়োটা পক্ষতে আছে। সেয়ে অৰ্জুনে যেতিয়া নিজৰ আত্মীয়-স্বজন আৰু পূৰ্বৰ সতীৰ্থক বিপৰীত পক্ষত দেখা পায়, তেতিয়া তেওঁ হৃদয়বিহীন হৈ এনে এখন যুদ্ধত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে যাৰ পৰিণাম তেওঁলোকৰ লগতে আন আত্মীয়-স্বজন আৰু বন্ধু-বান্ধবৰ মৃত্যু। গ্ৰন্থখন হৈছে মূলতঃ বিচলিত অৰ্জুন আৰু কৃষ্ণৰ মাজত হোৱা সংলাপ যে সঠিক কাৰ্য্য, সঠিক আধ্যাত্মিক জ্ঞান আৰু ভগৱানৰ প্ৰকৃত স্বৰূপ কি।

গীতাত হিন্দু ধৰ্মৰ কেন্দ্ৰীয় গ্ৰন্থ বেদ আৰু উপনিষদত প্ৰকাশিত ধাৰণাসমূহ সংমিশ্ৰণ ঘটি সংশ্লেষিত হৈ এজন ঈশ্বৰত বিশ্বাস আৰু সকলো অস্তিত্বৰ অন্তৰ্নিহিত ঐক্যৰ এক সুসংহত দৃষ্টিভংগীলৈ ৰূপান্তৰ হৈছে। গ্ৰন্থখনে নিৰ্দেশ দিয়ে যে কেনেকৈ মন আৰু চেতনাক উচ্চতৰ স্তৰলৈ আৰোহণ কৰি দেখি থকা ৰূপৰ অন্তৰালৰ প্ৰকৃত সত্য অনুধাবন কৰিব লাগে কাৰণ সাধাৰণ মন আৰু চেতনাত কেৱল পৃথক আৰু অনেক ৰূপত বিশ্বাস কৰিবলৈ আমাক ভ্ৰমিত কৰে। এই অনৈক্য আৰু বিবিধতা ভ্ৰম, সকলো মানুহ আৰু অস্তিত্ব হৈছে ঈশ্বৰৰ এক ঐক্যবদ্ধ সম্প্ৰসাৰণ যিটো ভ্ৰমৰ ঝালৰ পৰা মুক্ত হ'লেহে হৃদয়ংগম কৰিব পাৰি।

গীতাই ভক্তি (“ভক্তি”) আন্দোলনক অনুপ্ৰাণিত কৰিছিল, বৌদ্ধ, জৈন, শিখ ধৰ্মৰ বিকাশতো প্ৰভাৱ পেলাইছিল। কৃষ্ণই নিস্বাৰ্থ ভক্তিৰ পথক আত্মবাস্তৱায়ন (Self-actualization), জীৱন-অস্তিত্ব স্বীকৃতি আৰু পুনৰ্জন্ম আৰু মৃত্যুৰ চক্ৰৰ পৰা মুক্তিৰ অন্যতম পথ হিচাপে ব্যাখ্যা কৰিছে, আন দুটা হৈছে জ্ঞান আৰু কৰ্ম। বৰ্তমানৰ হৰে-কৃষ্ণ আন্দোলন ভক্তিৰ প্ৰকাশ, গীতা তেওঁলোকৰ প্ৰধান গ্ৰন্থ। 

বেদ, উপনিষদ আৰু তিনি গুণ

অনুগামীসকলৰ বাবে হিন্দু ধৰ্ম সনাতন ধৰ্ম (“চিৰন্তন শৃংখলা” বা “চিৰন্তন পথ”) বুলিহে পৰিচিত। মৌলিক পৰ্যায়ত বেদ চাৰিখন ইয়াৰ আধাৰ য’ত উপনিষদ উপগ্ৰন্থসমূহো অন্তৰ্ভুক্ত কৰা হয়। বেদ শব্দৰ অৰ্থ হৈছে “জ্ঞান”, আৰু উপনিষদৰ অৰ্থ হৈছে ওচৰ চপা (নিৰ্দেশনাৰ বাবে)। বেদে বিশ্বব্ৰহ্মাণ্ডৰ অপৰিহাৰ্য জ্ঞান বহন কৰে, উপনিষদে সেই জ্ঞান কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ ব্যাখ্যা-নিৰ্দেশনা দিয়ে।

সৰল আৰু সংক্ষিপ্ত ৰূপত বেদ-উপনিষদপ বাণী হৈছে যে এটাই সত্তা আছে – ব্ৰহ্ম – যি অস্তিত্ব আৰু নিজেই অস্তিত্বৰ সৃষ্টিকৰ্তা। মানুহে নিজৰ ভিতৰত আত্মা নামেৰে এই পৰম সত্তা স্ফুলিংগ কঢ়িয়াই লৈ ফুৰে। জীৱনৰ উদ্দেশ্য হৈছে আত্মাৰ আত্ম-বাস্তৱায়নত উপনীত হোৱা যাৰ ফলত শাৰীৰিক মৃত্যুৰ পিছত আত্মাৰ ব্ৰহ্ম (পৰামাত্মা)ৰ সৈতে মিলন ঘটে। নিজৰ কৰ্ম (সঠিক কৰ্ম) অনুযায়ী নিজৰ ধৰ্ম (কৰ্তব্য) পালনৰ জৰিয়তে মানুহে এই আত্মবাস্তৱায়ন লাভ কৰে, অৱশেষত মোক্ষ (মুক্তি) আৰু চূড়ান্ত সত্যৰ অনূভুতি লাভ কৰে। কোনো এটা জীৱনকালত যদি কোনোবাই আত্ম-বাস্তৱায়নত উপনীত নহয় তেন্তে তেওঁৰ পুনৰ্জন্ম হয় আৰু পুনৰ্চেষ্টা অব্যাহত থাকে। 

প্ৰতিজন ব্যক্তি সত্তা তিনিটা অন্তৰ্নিহিত  গুণ (বৈশিষ্ট্য বা মনৰ অৱস্থা) সমাহাৰ। এই তিনিটা গুণৰ পৰা উদ্ভৱ হোৱা নানান পাৰ্থিব বিক্ষিপ্ততা আত্ম-বাস্তৱায়নৰ প্ৰতিবন্ধক হ'ব পাৰে।  এই তিনিটা গুণ হ'ল,

  • সত্ত্বঃ – প্ৰজ্ঞা, মঙ্গল, জ্ঞান 
  • ৰজঃ – আবেগ, কাৰ্যকলাপ, আক্ৰমণাত্মকতা 
  • তমঃ – আন্ধাৰ, বিভ্ৰান্তি, অসহায়তা 

এজন মানুহ এই গুণকেইটাৰ এটা ক্ৰম বা স্তৰ নহয়, তিনিওটােই কম বেছি পৰিমাণে প্ৰতিজন ব্যক্তিৰ মাজতে আছে। তমঃ বিভ্ৰান্তিৰ কাৰণ হ’ব পাৰে, ৰজঃ আবেগ আৰু সত্ত্বঃ হৈছে সদ্ভাৱ বা প্ৰজ্ঞাৰ প্ৰতি থকা হেঁপাহৰ কাৰক। গুণবোৰে মানুহক সত্য হিচাপে দেখা জগতখনক – জীৱন আৰু বিশ্বব্ৰহ্মাণ্ডখন প্ৰকৃততে যিদৰে আছে – সেইদৰেই ব্যাখ্যা কৰি মনক বন্ধনত ৰাখে অথবা পুনৰ্জন্ম আৰু মৃত্যুৰ চক্ৰ (সংসাৰ)ত আৱদ্ধ কৰি ৰাখে, মনটো প্ৰকৃত সত্যৰ পৰা বিক্ষিপ্ত কৰি যি বাস্তৱ হিচাপে গ্ৰহণ কৰিবলৈ শিকোৱা হৈছে তাতেই মনোযোগ নিবদ্ধ কৰাই আত্ম-বাস্তৱায়নৰ পৰা আঁতৰাই ৰাখে।

ইয়াৰ আটাইতকৈ উত্তম উদাহৰণ হ’ল মৃত্যুক মৃতকজনৰ বাবে আৰু জীৱিত আত্মীয়সকলৰ বাবে এক মৰ্মান্তিক ক্ষতি হিচাপে ব্যাখ্যা কৰা হয়। মৃত্যুৰ প্ৰতি মানুহৰ স্বাভাৱিক সঁহাৰি হ’ল প্ৰচণ্ড ক্ষতিৰ ভাবৰ পৰা উদ্ভৱ হোৱা দুখ আৰু খং বা কোনো মৃত্যুমুখী ৰোগীৰ বাবে অজ্ঞাতৰ প্ৰতি ভয় আৰু পৰিচিতসকলক এৰি যাবলৈ বাধ্য হোৱাৰ বেদনা। উপনিষদৰ ঋষি আৰু গীতাৰ কৃষ্ণই ক’ব যে এই সঁহাৰিবোৰ কেৱল এই তিনি গুণৰ প্ৰতিক্ৰিয়াহে। এজনে হেৰুৱাৰ প্ৰতি আৱেগিকভাৱে সঁহাৰি জনাবলৈ বাধ্য কিন্তু তিনিটা গুণৰ ভিতৰত কোনটো গুণৰ প্ৰাধান্য বেছি তাৰ ওপৰত নিৰ্ভৰ কৰি সেই আৱেগ ভিন্ন ধৰণে প্ৰকাশ হ'ব। অধিক সত্ত্বৰ অধিকাৰী আত্মাই দাৰ্শনিক আৰু আশাবাদী হ’ব, ৰজঃ গুণৰ প্ৰাধান্যই ক্ৰোধিত আৰু আক্ৰমণাত্মক, তমঃ গুণৰ প্ৰাধন্য থকাজন শান্তিহীন আৰু হতাশ হ’ব।

এই সঁহাৰিবোৰৰ কোনোটোৱেই উপযুক্ত সহাৰি নহয় বুলি কৃষ্ণই কৈছে কাৰণ যিজন ব্যক্তিয়ে মৃত্যুবৰণ কৰিছে তেওঁৰ অস্তিত্ব নাশ হোৱা নাই আৰু নাশ হোৱাৰ দৰে সঁহাৰি জনাই গুৰুতৰ আধ্যাত্মিক ভুল কৰা হয়। আনকি সত্ত্বৰ সঁহাৰিও সম্পূৰ্ণৰূপে উপযুক্ত নহয় কাৰণ ইও জীৱনৰ অন্ত ধৰি লৈছে অথচ আত্মাৰ বিনাশ নাই। আত্মা অমৰ, জন্মৰ আগতেও আছিল আৰু মৃত্যুৰ পিছতো আছে। এই উপলব্ধি উপনিষদত গুৰুত্ব আৰোপ কৰা হৈছে আৰু সমগ্ৰ গীতাত নাটকীয়ভাৱে চিত্ৰিত কৰা হৈছে যি আপাতঃ সত্যৰ পৰা মুক্ত হৈ প্ৰকৃত সত্যৰ দিশত আগবাঢ়ি যোৱাত গুৰুত্ব আৰোপ কৰিছে। 

মহাভাৰত আৰু গীতাৰ সাৰাংশ 

গীতাৰ প্ৰেক্ষাপট মহাকাব্য মহাভাৰত য'ত পাণ্ডৱ আৰু কৌৰৱ সম্পৰ্কীয় দুটা পৰিয়াল আৰু ভাৰতবৰ্ষ নিয়ন্ত্ৰণৰ বাবে তেওঁলোকৰ মাজৰ পাৰস্পৰিক  সংগ্ৰাম মূল বিষয়বস্তু। পৰম্পৰাগতভাৱে এই গ্ৰন্থখন ব্যাস ঋষি ৰচিত বুলি কোৱা হয়। মহাভাৰত আৰু গীতাখনো ব্যাসে গণেশক শ্ৰুতলিপি দি লিখোৱা বুলি কোৱা হয় ।মহাভাৰত দৰাচলতে মহাকাব্যিক কাহিনীৰ আলমত আধ্যাত্মিক সত্যৰ চিত্ৰণ। 

বেদ (আৰু কিছুমানৰ মতে উপনিষদ)ক হিন্দুসকলে শ্ৰুতি বুলি গণ্য কৰে কাৰণ এই গ্ৰন্থসমূহক ভগৱান প্ৰেৰিত চিৰন্তন জ্ঞান যি ঋষিসকলে শুনি সংৰক্ষণ কৰিছিল। আনহাতে মহাভাৰত, গীতা আৰু আনখন মহাকাব্য ৰামায়ণক স্মৃতি (“যি স্মৰণ কৰা হয়”) কাৰণ ই অতীতৰ ইতিহাস, জ্ঞান আৰু পৰম্পৰাৰ আধাৰত মানুহে লিখা ৰচনা বুলি গণ্য কৰা হয়। মন কৰিবলগীয়া যে, কিছুমান হিন্দু সম্প্ৰদায়ত (যেনে হৰে কৃষ্ণ আন্দোলন) গীতাক বেদৰ সমতুল্য শ্ৰুতি গণঅয কৰে, কিন্তু এই দাবী সাধাৰণতে গ্ৰহণ কৰা নহয়।

মহাভাৰতৰ আৰম্ভণিতে কুৰু বংশৰ ৰজা শান্তনুৰ কাহিনীয়ে ধাৰাবাহিক পৰিঘটনা আৰম্ভ কৰে। তেওঁৰ দ্বিতীয় পত্নী সত্যৱতীয়ে পুত্ৰ দেৱব্ৰত (ভীষ্ম নামেৰে জনাজাত)ৰ সৈতে ৰাজ্যভাৰ তদাৰক কৰিবলগীয়া হয়। বিচিত্ৰবীৰ্যৰ ৰাজঅভিষেকৰ সময়ত ভীষ্মই আন এখন ৰাজ্যৰ তিনিগৰাকী ৰাজকুমাৰীক সতীয়া ভাতৃ বিচিত্ৰবীৰ্যৰ পত্নী হিচাপে বন্দী কৰে। ইয়াৰে এগৰাকীক মুকলি কৰি দিয়া হয় আৰু বাকী দুগৰাকীৰ বিচিত্ৰবীৰ্যৰ সৈতে বিবাহ সম্পন্ন হয়। বিচিত্ৰবীৰ্যৰ  উত্তৰাধিকাৰী জন্মৰ পূৰ্বেই মৃত্যু হয়। তাৰ পিছত কুৰু বংশ ৰক্ষাৰ স্বাৰ্থত সত্যৱতীৰ প্ৰথম বিবাহৰ পৰা জন্মা পুত্ৰ ব্যাস ঋষিৰ সৈতে দুয়োগৰাকী ৰাজকুমাৰীৰ বিবাহ হয়। এগৰাকী ৰাজকুমাৰীয়ে ধৃতৰাষ্ট্ৰ (জন্মতে অন্ধ) আৰু আনগৰাকীয়ে পাণ্ডুক জন্ম দিয়ে। তাৰ পিছত ব্যাসৰ এগৰাকী দাসীৰ সৈতে তৃতীয় পুত্ৰ বিদুৰৰ জন্ম হয়। তিনিওটা ল’ৰাই ৰাজশাসনৰ বিভিন্ন ক্ষেত্ৰত ব্যতিক্ৰমী দক্ষতা প্ৰদৰ্শন কৰিছিল। 

কালক্ৰমত ধৃতৰাষ্ট্ৰৰ বিবাহ ৰাজকুমাৰী গান্ধাৰীৰ আৰু পাণ্ডুৰ বিবাহ হয় কুন্তী সৈতে। দুয়োজন ৰাজকুমাৰ আৰু বিদুৰে ৰাজ্যৰ শাসন ব্যৱস্থা সুদৃঢ় কৰি তুলিলে আৰু উপযুক্ত বয়সত জ্যেষ্ঠ হ’লেও ধৃতৰাষ্ট্ৰ পৰিবৰ্তে পাণ্ডু ৰজা হ’ল কাৰণ এজন অন্ধ লোকে আইনগতভাৱে ৰজা হ’ব নোৱাৰে। পাণ্ডুৱে সুশাসন কৰিছিল আৰু সকলো সুন্দৰভাৱে চলি আছিল, কিন্তু পাণ্ডুৱে অবসৰ বিচাৰি কুন্তী আৰু তেওঁৰ সৰু পত্নী মাদ্ৰীৰ সৈতে বন থাকিবলৈ ওলাই গ’ল। কেইবাবছৰৰ পিছত পাণ্ডু আৰু মাদ্ৰীৰ মৃত্যু হোৱাত তেওঁলোকৰ দেহসহ  কুন্তী অৰণ্যতে জন্ম লোৱা তেওঁলকৰ পাঁচজন পুত্ৰ – যুধিষ্ঠিৰ, ভীম, অৰ্জুন, আৰু যমজ সন্তান নকুলা আৰু সহদেৱ – লৈ ৰাজ্যলৈ উভতি আহিল। এই পুত্ৰসকলক (পাণ্ডৱ নামেৰে জনাজাত)। পাণ্ডুক পিতৃ হিচাপে পৰিচিত যদিও, প্ৰকৃততে, পাচ ভাতৃৰ কুন্তী আৰু মাদ্ৰীৰ গৰ্ভত বিভিন্ন দেৱতাৰ ঔৰসত জন্ম হৈছিল। 

ইতিমধ্যে পাণ্ডু আৰু তেওঁৰ পত্নীদ্বয় অৰণ্যত থকা সময়ত ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীয়ে ১০০টা সন্তান জন্ম দিছিল, কৌৰৱ নামেৰে পৰিচিত এইসকলৰ ডাঙৰজন আছিল এশ ভাতৃসহ দুৰ্যোধন। দুৰ্যোধনৰ আৰু পাণ্ডৱৰ মাজত হোৱা প্ৰতিদ্বন্দ্বিতাৰ কাহিনীয়েই মহাভাৰতৰ পিছৰ অংশ যাৰ পৰিণতিত অৱশেষত কুৰুক্ষেত্ৰৰ যুদ্ধত পৰিয়ালটোৰ দুটা ফৈদৰ সৈন্যবাহিনী মুখামুখি হয়।

এই পৃষ্ঠভূমিত কুৰুক্ষেত্ৰৰ যুদ্ধৰ ঠিক আৰম্ভণিত গীতাৰ কৃষ্ণ-অৰ্জুনৰ সংলাপ সংঘটিত হয়। দ্বাপৰ যুগৰ ভগৱানৰ অৱতাৰ কৃষ্ণ দুয়োপক্ষৰ সম্পৰ্কীয়। তেওঁঁ কোনো এটা পক্ষৰ হৈ যুঁজিব নোৱাৰিব বুলি ঘোষণা কৰিলেও অৰ্জুনৰ সাৰথী হিচাপে কাম কৰিবলৈ সন্মত হৈছিল। দুয়োপক্ষৰ সৈন্যই যুদ্ধৰ বাবে নিজ স্থান ল'বলৈ আগবাঢ়ি যোৱাৰ লগে লগে অৰ্জুনে কৃষ্ণক তেওঁক যুদ্ধক্ষেত্ৰৰ মাজলৈ লৈ যাবলৈ কয় যাতে তেওঁ যুদ্ধৰ বাবে ইমান আগ্ৰহী সকলোকে চাব পাৰে। কৃষ্ণই তেনে কৰে, তেতিয়া অৰ্জুনে বন্ধু-বান্ধৱ, আত্মীয়-স্বজন, শিক্ষক, পৰামৰ্শদাতা, সকলোকে দেখে যিসকলে তেওঁৰ জীৱনত ভূমিকা লৈছিল আৰু তেওঁক উপযুক্ত কৰি তুলিছিল। তেওঁ কৃষ্ণক কয় যে তেওঁ এনে কোনো কামৰ অংশ হ’ব নোৱাৰে যাৰ ফলত ইমান মানুহৰ মৃত্যু আৰু দুখ-কষ্ট হ’ব। তেওঁ নিজৰ শক্তিশালী ধনুখন মাটিত পেলাই দিয়ে আৰু যুদ্ধ নকৰে বুলি ঘোষণা কৰে। 

যুদ্ধৰ আগতে কৃষ্ণই সঞ্জয়ক এক প্ৰকাৰৰ দিব্য দৃষ্টি দিছিল যাতে দূৰৰ পৰাই তেওঁ যুদ্ধক্ষেত্ৰত ঘটি থকা সকলো ঘটনা দেখা পায় আৰু ধৃতৰাষ্ট্ৰক সঠিকভাৱে বিবৰণি দিব পাৰে। গীতাৰ আৰম্ভণিতে ধৃতৰাষ্ট্ৰই সঞ্জয়ক কুৰুক্ষেত্ৰত কি হৈ আছে বুলি সুধিছে, তাৰ পিছত সঞ্জয়ে অৰ্জুনৰ হতাশা, কৃষ্ণৰ সঁহাৰি আৰু তেওঁলোকৰ সমগ্ৰ সংলাপৰ বিষয়ে বৰ্ণনা কৰে কেনেকৈ অৱশেষত অৰ্জুনে অস্তিত্বৰ স্বৰূপ, মহাজাগতিক ক্ৰমত তেওঁৰ স্থান আৰু আগন্তুক যুদ্ধখনত তেওঁ কিয় অংশগ্ৰহণ কৰিব লাগিব সেই বিষয়ে অৰ্জুনৰ আধ্যাত্মিক প্ৰাপ্তি হয়।

তাৰ পিছত অৰ্জুনে যুদ্ধ কৰিবলৈ ধনু তুলি লয়, মহাভাৰত কাহিনীৰ অগ্ৰগতি হয়। পাণ্ডৱসকল জয়ী হয় কিন্তু তেওঁলোকৰ প্ৰায় সমগ্ৰ সৈন্যৰ মৃত্যুৰ বিনিময়ত। দুৰ্যোধনসহ সমস্ত কৌৰৱৰ মৃত্য হয়।। ইয়াৰ পিছত যুধিষ্ঠিৰ আৰু তেওঁৰ ভাতৃসকলে ৩৬ বছৰ ধৰি দেশ শাসন কৰাৰ পিছত ৰাজপাট এৰি অন্তিম দিনবোৰত শান্তি লাভৰ উদ্দেশ্যে হিমালয়লৈ ৰাওনা হয় য'ত তেওঁলোক স্বৰ্গগামী হয়।

সঠিক কাৰ্য্য আৰু ভুল কাৰ্য্য 

গীতাৰ বাণী, অৰ্জুনৰ হতাশা, আৰু সত্যৰ চূড়ান্ত উপলব্ধিয়ে হিন্দু বিশ্বাসৰ বহু ভিন্ন দিশ স্পৰ্শ কৰে যদিও কেন্দ্ৰীয় বিষয় হৈছে ধৰ্মৰ ধাৰণা আৰু এক শৃংখলাবদ্ধ বিশ্বব্ৰহ্মাণ্ড য'ত প্ৰতিজন ব্যক্তিৰ পৃথিৱীত দায়িত্ব আছে যিটো আন কোনোৱেই তেওঁৰ হৈ সাধন কৰিব নোৱাৰে। কৃষ্ণই অৰ্জুনক তেওঁ যে এজন যোদ্ধা আৰু অস্ত্ৰ তুলি যুদ্ধত লিপ্ত হোৱাটো যোদ্ধাৰ কৰ্তব্য অৰ্জুনক প্ৰথমে পতিয়ন নিয়াবলৈ ব্যৰ্থ হয় কাৰণ তেওঁ মাথোঁ তেওঁৰ বন্ধু-বান্ধৱী আৰু আত্মীয়কহে দেখা পাইছিল যিসকলক অতি সোনকালে তেওঁ হত্যা কৰিব লাগিব।

তেতিয়া কৃষ্ণই ধৰ্মৰ গতানুগতিক যুক্তিৰ বাহিৰলৈ গৈ ইয়াৰ অন্তৰ্নিহিত ৰূপ, গুৰুত্ব আৰু কেনেকৈ গুণবোৰে মানুহক কেৱল ভুল বুজাবুজি আৰু মায়াকে আচল বুলি গ্ৰহণত অৰিহণা যোগায় সেই বিষয়ে ব্যাখ্যা কৰে। গীতাৰ অন্যতম বিখ্যাত অংশত কৃষ্ণই অৰ্জুনক কৈছে:

য এনং বেত্তি হন্তারং যশ্চৈনং মন্যতে হতম্ |
উভৌ তৌ ন বিজানীতো নাযং হন্তি ন হন্যতে || ২.১৯||

দুয়োজনেই অজ্ঞানী—যিজনে আত্মাই বধ কৰিব পাৰে বুলি ভাবে আৰু যিয়ে আত্মাক বধ কৰিব পাৰে বুলি ভাবে। 
কাৰণ সঁচাকৈয়ে আত্মাই হত্যা নকৰে বা হত্যা কৰিবও নোৱাৰে।

আত্মা অমৰ, কৃষ্ণই কৈছে, আৰু সেইবাবে মৃত্যু কেৱল মায়া। মৃত্যু হৈছে এটা শৰীৰক পৰিত্যাগ কৰা যিটো অকামিলা হৈছে কিন্তু ইয়াৰ সৈতে ব্যক্তিৰ আত্মাৰ সৈতে কোনো সম্পৰ্ক নাই, আত্মা, যি অমৰ আৰু এবাৰ শৰীৰটো ত্যাগ কৰিলে ব্ৰহ্মৰ সৈতে মিলনৰ জৰিয়তে নিজৰ চিৰন্তন আৱাসলৈ উভতি যায়। এই সত্যটো উপলব্ধি কৰিবলৈ ভ্ৰমৰ পৰা মুক্ত হ’ব লাগিব যে পৰ্যবেক্ষণযোগ্য আৰু অপৰ্যবেক্ষণযোগ্য সকলো বস্তুৱেই আচলতে ব্ৰহ্ম – যুদ্ধক্ষেত্ৰত ইজনে সিজনৰ মুখামুখি হোৱা সেনাবাহিনীৰ সকলো মানুহ ব্ৰহ্ম – দেশৰ সকলো মানুহ – সকলোৱে, সকলোতে – ব্ৰহ্ম। সকলো বস্তুৰ অপৰিহাৰ্য ঐক্য বুজিলেই জীৱনত সঠিক কাৰ্য্য কৰিবলৈ স্বাধীন হ'ব পাৰি:

ব্রহ্মার্পণং ব্রহ্ম হবির্ব্রহ্মাগ্নৌ ব্রহ্মণা হুতম্ |
ব্রহ্মৈব তেন গন্তব্যং ব্রহ্মকর্মসমাধিনা || ৪.২৪||

যিসকলে সম্পূৰ্ণ ঈশ্বৰ-চেতনাত নিমগ্ন, তেওঁলোকৰ বাবে আহুতি ব্ৰহ্ম, ইয়াক যিহেৰে অৰ্পণ কৰা হয় সেয়া ব্ৰহ্ম, অৰ্পণৰ ক্ৰিয়া ব্ৰহ্ম, যজ্ঞৰ অগ্নিও ব্ৰহ্ম। সকলোকে ঈশ্বৰ বুলি ভবা এনে ব্যক্তিয়ে সহজেই তেওঁক লাভ কৰে।

এই স্বীকৃতিয়ে নিজৰ কৰ্মৰ আপাত পৰিণতিৰ পৰা নিজকে বিচ্ছিন্ন কৰাত উৎসাহিত কৰে। এজনে উপলব্ধি কৰিব লাগিব, কৃষ্ণই কৈছে, যে সম্ভাৱ্য পৰিণতিৰ ওপৰত মনোনিৱেশ কৰাৰ বাবে কোনো এটা নিৰ্দিষ্ট পথত নিয়োজিত হোৱা বা অস্বীকাৰ কৰাটোৱেই হৈছে ভ্ৰমৰ দ্বাৰা অন্ধ হোৱা ফলত জীৱনত তেওঁলোক অপৰিহাৰ্য কৰ্তব্য পালনত ব্যৰ্থ হ’ব। বিশ্বব্ৰহ্মাণ্ডৰ চিৰন্তন শৃংখলাত নিজৰ ভূমিকা পালন কৰিবলৈ হ’লে নিজৰ কৰ্মৰ পৰিণতিৰ পৰা নিজকে বিচ্ছিন্ন কৰি যিমানেই কষ্টদায়ক যেন নালাগিলেও কৰ্তব্যত মনোনিৱেশ কৰিব লাগিব। 

অৰ্জুনৰ ক্ষেত্ৰত যুদ্ধ কৰিবলৈ অস্বীকাৰ কৰা মানে নিজৰ ধৰ্ম অস্বীকাৰ কৰা যাৰ অৰ্থ হৈছে কেৱল নিজৰ দায়িত্ব পৰিহাৰ কৰাই নহয় স্বভাৱ আৰু অস্তিত্বৰ সত্যক অস্বীকাৰ কৰা। যুদ্ধ কৰিব লাগিব কাৰণ শান্তিপূৰ্ণভাৱে সংঘাত সমাধানৰ সকলো আহ্বান আৰু প্ৰচেষ্টা বিফল হৈছে। জড়িতসকলে সকলোৱে এনে সিদ্ধান্ত কৰিছে যে তেওঁলোক কুৰুক্ষেত্ৰ যুদ্ধলৈ আহিছে, এনে এক সন্ধিক্ষণত অৰ্জুনে যুদ্ধৰ বাহিৰে আন একো কৰিব নোৱাৰে, যদিও তেওঁ ইচ্ছা নকৰে। অৰ্জুনে এই কথা উপলব্ধি কৰি তেওঁ নিজৰ কৰ্তব্য সম্বন্ধে আস্বস্ত হয় আৰু শান্তি অনুভৱ কৰে আৰু যুদ্ধ আৰম্ভ হয়।

এই নাটকীয় পৰিস্থিতি একে পৰিস্থিতিত থকা যিকোনো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য যি নিজৰ কৰ্তব্য এৰাই চলাটোৱেই সহজ পন্থা বুলি ভাবে যেতিয়া ধৰ্ম-সংকটৰ সন্মুখীন হয়। গীতাৰ দ্বাৰা সান্ত্বনা দিয়া হৈছে যে যদি অৰ্জুনে নিজৰ ধৰ্ম অনুধাৱন কৰি নিজৰ বন্ধু-বান্ধৱী, আত্মীয়-স্বজন, গুৰুসকলকো নিধন কৰিব পাৰে, তেন্তে আমি জীৱনত যি সংকটৰ সন্মুখীন হওঁ সেয়া সহ্য কৰাটো বহু সহজ।

উপসংহাৰ 

গীতাত কেৱল ধৰ্মৰ গুৰুত্বৰ বাহিৰে আন বহুতো দিশ আছে। ১৮টা অধ্যায়ৰ ভিতৰত কৃষ্ণৰ বাণীত ইশ্বৰ, ইশ্বৰ প্ৰেমৰ স্বৰূপ, ব্যক্তি এজনে কেনেস্থিতি ল'ব লাগে, আৰু বিশ্বব্ৰহ্মাণ্ডখন কেনেকৈ ক্ৰমবদ্ধ হৈছে, আদি বিষয়ে উল্লেখ কৰা হৈছে। এটা সময়ত কৃষ্ণই – যি বিষ্ণু অৱতাৰ – নিজকে ব্ৰহ্ম ৰূপত প্ৰকাশ কৰে যে হিন্দু ধৰ্মৰ দেৱতাসকলো বিভিন্ন ৰূপত ব্ৰহ্মৰেই প্ৰকাশ। কৃষ্ণই বৰ্ণৰ বিষয়েও আলোচনা কৰিছে যি প্ৰতিজন ব্যক্তিক স্থিৰভাৱে নিজৰ স্বধৰ্ম পালন কৰিবলৈ অনুমতি দিয়ে। চাৰিটা বৰ্ণ হ’ল, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। গীতাত এজনৰ বৰ্ণ স্বভাৱজাত বুলি ব্যাখ্যা কৰা হৈছে। যাৰ স্বভাৱ বা প্ৰৱণতা শিক্ষকৰ, তেওঁ যি সামাজিক শ্ৰেণীত জন্মগ্ৰহণ নকৰক কিয়, শিক্ষক হ’ব লাগে। কিন্তু গীতাৰ বৰ্ণ খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকা - তৃতীয় শতিকাত সামাজিক প্ৰথালৈ ৰূপান্তৰিত হৈছিল, মনুৱে লিপিবদ্ধ কৰা নিয়ম (মনুস্মৃতি)ত এজনে জন্ম লোৱা জাতিটো নিজৰ বৃত্তি আৰু সামাজিক মৰ্যাদা নিৰ্ধাৰণ কৰিছিল। কিন্তু এয়া গীতাৰ আদি দৃষ্টিভংগী নাছিল। 

ঈশ্বৰক বুজি পোৱা আৰু ওচৰ চাপিবলৈ গীতাত ভক্তি, জ্ঞান আৰু সঠিক কাৰ্য্যৰ ওপৰত গুৰুত্বই মানুহক জন্মৰ সামাজিক শ্ৰেণীত সীমাবদ্ধ কৰি ৰখাটো বাধা দিব। মনুৰ নিয়মে জাতি ব্যৱস্থাটো ঐশ্বৰিকভাৱে নিৰ্ধাৰিত আৰু সাৰ্বজনীন ব্যৱস্থাৰ অংশ বুলি দাবী কৰে। এজন অতীতৰ জীৱনৰ কৰ্মৰ বাবেই এটা নিৰ্দিষ্ট জাতিত জন্ম লৈছে যাৰ পৰিণতি এই জীৱনত গ্ৰহণ কৰিব লাগিব।

গীতাই সেই পিছৰ সময়ত  বৌদ্ধ, জৈন আৰু শিখ ধৰ্ম নামেৰে পৰিচিত ধৰ্মীয় আন্দোলনসমূহক অনুপ্ৰাণিত কৰিছিল, যিবোৰে কম বেছি পৰিমাণে কেন্দ্ৰীয় দৃষ্টিভংগী হিচাপে  এজন ব্যক্তিগত ঈশ্বৰ, পৰম শক্তি বা বৃহত্তৰ মংগলৰ প্ৰতি ভক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গীতাই সাৰ্বজনীন প্ৰেমৰ বাৰ্তা, নিজৰ আৰু আনৰ প্ৰতি ব্যক্তিগত দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, সকলো জীৱৰ অন্তৰ্নিহিত ঐক্যৰ বাণীৰে বৰ্তমানৰ বিখ্যাত হৰে-কৃষ্ণ আন্দোলনৰ বাহিৰেও আন বহুক অনুপ্ৰাণিত কৰিছে।

মানুহে ইজনে সিজনৰ মাজত লক্ষ্য কৰা পাৰ্থক্যবোৰ লগতে মৃত্যুৰ আপাত শোককো ভ্ৰম হিচাপে ব্যাখ্যা কৰিছে, গীতাই কয়, এবাৰ ৰূপৰ ভেদাভেদ অতিক্ৰম কৰি সকলোৱেই বিশ্বব্ৰহ্মাণ্ডৰ সত্তাৰ এটা অংশ প্ৰথমে ইয়াক অনুধাৱন কৰি ব্ৰহ্ম সত্য উপলব্ধিৰ দিশত কাম কৰিবলৈ আৰম্ভ কৰিব পাৰে। হিন্দু গ্ৰন্থসমূহৰ ভিতৰত গীতা হৈছে আত্ম-বাস্তৱায়ন আৰু মুক্তিৰ দিশত এক প্ৰয়াস, এই ধাৰণাটোৰ সম্পূৰ্ণ প্ৰকাশ যে ভ্ৰমপ্ৰসূত দুখ-কষ্টৰ পৰা শান্তি আৰু মৃত্যুৰ পিছত ঈশ্বৰৰ সৈতে মিলন বা মুক্তি এই জীৱনতে সম্ভৱ।

Bhagavad Gita - World History Encyclopedia