Skip to main content

সুৰৰে দেউলৰে

সুৰৰে দেউলৰে..
ৰূপৰে.. শিকলি..
ভা..ঙি দিবি খুলি
দুৱাৰ সোণোৱালী..
পূজাৰী অ’ ... !

সুৰৰে দেউলৰে
ৰূপৰে শিকলি
ভাঙি দি..বি খুলি
দুৱাৰ সোণোৱালী
পূজাৰী অ’ !
পূজাৰী অ’..
সুন্দৰৰ পূজাৰী!
সুন্দৰৰ পূজাৰী !
সুন্দৰৰ পূজাৰী অ’ ৷

সুৰৰে দেউলৰে
ৰূপৰে শিকলি
ভাঙি দি..বি খুলি
দুৱাৰ সোণোৱালী
পূজাৰী অ’ !         
পূজাৰী অ’..
সুন্দৰৰ পূজাৰী
সুন্দৰৰ পূজাৰী
সুন্দৰৰ পূজাৰী অ’ ৷

জাউতি যুগীয়া..
বৰগীত অমিয়া..
জাউতি যুগীয়া
বৰগীত অমিয়া
বনগীত সুৰীয়া বনগীত সুৰীয়া অ’
কোৱা অসমীয়া
প্রাণ মন ভৰি
পূজাৰী অ’
পূজাৰী অ’..
সুন্দৰৰ পূজাৰী
সুন্দৰৰ পূজাৰী
সুন্দৰৰ পূজাৰী অ’ ৷

তোৰে পৰষতে প্রাণৰে হৰিতে
হিয়া দি চুপুতি পায় ঐ মুকুতি
প্রাণৰে মুৰতি উটি ভাহি ফুৰে ঊৰি
পূজাৰী অ’ !
পূজাৰী অ’..
সুন্দৰৰ পূজাৰী
সুন্দৰৰ পূজাৰী
সুন্দৰৰ পূজাৰী অ’ ৷

শঙ্খ বজোৱা বৰকাঁহ বজোৱা
আৰতি লগোৱা বন্তি জ্বলোৱা
অতি উলাহৰে আদৰি....

পূজাৰী অ’
পূজাৰী অ’..
সুন্দৰৰ পূজাৰী
সুন্দৰৰ পূজাৰী
সুন্দৰৰ পূজাৰী অ’

সুৰৰে দেউলৰে
ৰূপৰে শিকলি
ভাঙি দিবি খুলি
দুৱাৰ সোণোৱালী
পূজাৰী অ’ !
পূজাৰী অ’..
সুন্দৰৰ পূজাৰী
সুন্দৰৰ পূজাৰী
সুন্দৰৰ পূজাৰী অ’ ..
সুন্দৰৰ পূজাৰী অ’..৷৷