Skip to main content

ইজৰাইল-হামাছ সংঘৰ্ষ

২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা ইজৰাইল আৰু হামাছৰ নেতৃত্বত পেলেষ্টাইনী উগ্ৰপন্থী গোটৰ মাজত চলি থকা সশস্ত্ৰ সংঘাত মূলতঃ গাজা ষ্ট্ৰিপ আৰু ইয়াৰ আশে-পাশে চলি আহিছে, পশ্চিম পাৰ আৰু ইজৰাইল-লেবানন সীমান্ততো সংঘৰ্ষ সংঘটিত হৈছে। ৭ অক্টোবৰৰ দিনা হামাছৰ নেতৃত্বত পেলেষ্টাইনী উগ্ৰপন্থীয়ে গাজা ষ্ট্ৰিপৰ পৰা দক্ষিণ ইজৰাইলৰ ওপৰত বহু দিশৰ পৰা আক্ৰমণ আৰম্ভ কৰে।  ৰকেটৰ বৰ্ষণৰ লগতে প্ৰায় ৩ হাজাৰ উগ্ৰপন্থীয়ে গাজা–ইজৰাইলৰ সীমান্ত চকী ভংগ কৰি ইজৰাইলৰ সামৰিক ঘাটি আৰু অসামৰিক জনসাধাৰণক আক্ৰমণ কৰিছিল। এই আক্ৰমণৰ সময়ত কমেও ৮৪৬ জন ইজৰাইলী সাধাৰণ নাগৰিক আৰু ৪১৬ জন সৈনিক আৰু আৰক্ষী নিহত হয়। আনহাতে আনুমানিক ২৪০ ইজৰাইলী আৰু বিদেশী নাগৰিকক গাজা ষ্ট্ৰিপলৈ পণবন্দী হিচাপে লৈ যোৱা হয়। 

হামাছে কয় যে তেওঁলোকৰ আক্ৰমণ ইজৰাইলৰ গাজা ষ্ট্ৰিপ অৱৰোধ, ইজৰাইলীলোকৰ বসতিস্থলৰ অবৈধ সম্প্ৰসাৰণ আৰু তেওঁলোকৰ লোকৰ হিংসা আৰু শেহতীয়াকৈ প্ৰৰোচনামূলক কাম-কাজৰ প্ৰতিক্ৰিয়া স্বৰূপে কৰা হৈছে। ইজৰাইলৰ সেনাই ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে এক বিস্তৃত আকাশী বোমাবৰ্ষণ অভিযান চলায়। গাজা ষ্ট্ৰিপৰ লক্ষ্যত ৬,০০০ৰো অধিক বোমা নিক্ষেপ কৰা হয়। ফলত ২০১৭ চনৰ পিছত হোৱা পূৰ্বৰ সংঘাতবোৰৰ তুলনাত ছয় দিনৰ ভিতৰত অধিক অসামৰিক লোকৰ মৃত্যু হয়। গাজা ষ্ট্ৰিপত সম্পূৰ্ণ অৱৰোধ আৰোপ কৰি ইজৰাইলে হামাছে লোৱা পণবন্দীসকলক মুক্ত কৰা আৰু হামাছৰ সামৰিক সামৰ্থ্য নিৰ্মূল কৰাৰ লক্ষ্যৰে গাজাত বৃহৎ পৰিসৰৰ স্থল আক্ৰমণ আৰম্ভ কৰে। ৩ ডিচেম্বৰলৈকে গাজা স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, ৭,০০০ৰো অধিক শিশুকে ধৰি ১৭,০০০ৰো অধিক পেলেষ্টাইনী নিহত হৈছে।

১৯৭৩ চনৰ Yom Kippur আৰৱ-ইজৰাইলী যুদ্ধৰ পিছত হামাছৰ এই আক্ৰমণে এই অঞ্চলত আটাইতকৈ উল্লেখযোগ্য সামৰিক সংঘাতৰ সূচনা কৰিছে। ইজৰাইলে স্থায়ী যুদ্ধবিৰতিৰ আহ্বান নাকচ কৰিছে। ব্যাপক হাৰত সাধাৰণ নাগৰিকৰ মৃত্যুৰ হৈছে, ইজৰাইল আৰু হামাছ দুয়োৰে বিৰুদ্ধে যুদ্ধাপৰাধৰ অভিযোগ উত্থাপন হৈছে। ইজৰাইলে গাজাবাসীক উত্তৰৰ পৰা দক্ষিণ গাজালৈ স্থানান্তৰিত হ'বলৈ নিৰ্দেশ দিয়ে। কিন্তু অভিযোগঅনুসৰিপেলেষ্টাইনীসকলক খালী হ'বলৈ কোৱা স্থানসমূহতো বোমা বিস্ফোৰণ কৰে। ইফালে হামাছেও বাসিন্দাসকলক তেওঁলোকৰ ঘৰত এৰিবলৈ দিয়া নাছিল আৰু পথ অৱৰোধ কৰি বাধা দিছিল। হামাছে সাধাৰণ বাসিন্দাসকলক মানৱ বৰ্ৰাম হিচাপে ব্যৱহাৰৰ অভিযোগ আছে।

সদ্যহতে যুদ্ধবিৰতি ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়া হৈছে।

উৎস- Israel-Hamas War

The Israel–Hamas war and its fallout 
তলৰ ভিডিঅ'ত বিশেষজ্ঞসকলে ইজৰাইল-পেলেষ্টাইন সংঘাত, মধ্যপ্ৰাচ্য আৰু ইজৰাইল-হামাছ যুদ্ধৰ বিশ্বজুৰি তাৎক্ষণিক প্ৰভাৱ আৰু সম্ভাৱ্য দীৰ্ঘম্যাদী প্ৰভাৱৰ বিষয়ে আলোচনা কৰে (১১ অক্টোবৰ ২০২৩)-

পঢ়ক

  1. এমাহৰ পাছত ইজৰাইল-হামাছ যুদ্ধৰ বিষয়ে আমি যি জানো 
    One month on, what we know about the Israel-Hamas war
  2. হামাছ কোন? 
    What is Hamas?