Skip to main content

মানুহৰ ক্ৰমবিকাশ

মানৱ বিৱৰ্তনৰ কাহিনী পুণৰীক্ষা কৰিবলৈ এইটো এটা ৰোমাঞ্চকৰ সময়। সাম্প্ৰতিক জীৱাশ্ম আৰু প্ৰত্নতাত্ত্বিক আৱিষ্কাৰ, 
নতুন গবেষণামূলক উদ্ভাৱন, কৌশল আৰু ডি এন এ গৱেষণাই আমাৰ অতীত আৰু মানব বিৱৰ্তনৰ প্ৰতিষ্ঠিত ধ্যান-ধাৰণাসমূহৰ বিষয়ে বিজ্ঞানীসকলৰ বুজাবুজিৰ পৰিৱৰ্তন ঘটাইছে।

আমি কোন, ক’ৰ পৰা আহিছো আৰু কেনেকৈ বিকশিত হৈছিলো সেই কথা বুজিব বিচৰাটোৱেই আমাক মানৱ সংহতিৰ এটা উপায় হ'ব পাৰে।।

আমি এতিয়া ২০টাতকৈও অধিক হ’মিনিন প্ৰজাতিৰ বিষয়ে জানো, যিকেইটা আমাৰ বংশবৃক্ষৰ অংশ। এই প্ৰজাতিসমূহৰ অন্ততঃ আধা সংখ্যক বিগত ৩০ বছৰত উন্মোচিত জীৱাশ্মৰ ওপৰত ভিত্তি কৰি নিশ্চিতি কৰা হৈছে।

লণ্ডনৰ Natural History Museum বিজ্ঞানীসকলে এই আদিন মানৱ আত্মীয় প্ৰজাতিসকলৰ প্ৰব্ৰজন, বৈশিষ্ট্য আৰু সামৰ্থ্য, আৰু আমাৰ প্ৰজাতি 'হোমো চেপিয়েন্স' সৈতে এইবিলাকৰ সম্বন্ধৰ ওপৰত গৱেষণাৰ ক্ষেত্ৰত আগৰণুৱা।

হ’মিনিন প্ৰজাতিসমূহৰ চিম্পাঞ্জীৰ পৰা বিভক্ত হোৱাৰ পিছৰে পৰা মানুহৰ বিৱৰ্তনৰ সন্ধান, আমাৰ প্ৰাচীন আত্মীয় প্ৰজাতিকেইটাৰ সৈতে আমাৰ কি মিল আছে সেই বিষয়ে অন্বেষণ কৰিবলৈ আৰু আমাৰ অতীত আৰু ভৱিষ্যত সম্বন্ধীয় নানান প্ৰশ্নৰ উত্তৰ পাবলৈ কৰা গৱেষণাৰ বিষয়ে অধক জানিবলৈ Human evolution | Natural History Museum (nhm.ac.uk) লৈ আগবাঢ়ক