Skip to main content

জীৱনশৈলী

কেম্ব্ৰিজ অভিধানৰ মতে জীৱনশৈলীৰ সংজ্ঞা দিয়া হৈছে “ব্যক্তি এজনৰ জীৱন-যাপনৰ ধৰণ”—ইয়াত ব্যক্তি বা গোট এটাৰ অভ্যাস, মনোভাৱ, ৰুচি, নৈতিক মানদণ্ড, অৰ্থনৈতিক স্তৰ আদি অন্যান্য দিশসমূহ সামৰি লোৱা হয়। সুস্বাস্থ্যৰ বাবে সুস্থ জীৱনশৈলী অতি প্ৰয়োজনীয়। এনএইচএছ (National Health Service, England)ৰ মতে ব্যক্তিৰ নিজৰ সৈতে থকা সম্পৰ্ককে ধৰি পৰিয়াল-পৰিজন, বন্ধু-বান্ধৱৰ সৈতে সম্পৰ্কই আমাৰ মানসিক সুস্থতাতো প্ৰভাৱ পেলায়। সু-সম্পৰ্ক অতি প্ৰয়োজনীয়। সুস্থ, ইতিবাচক, হিত-চিন্তক আৰু সহায়কাৰী লোকৰ সৈতে সম্পৰ্ক থকা ব্যক্তিসকল সুখী আৰু সুস্থ হোৱাৰ সম্ভাৱনা বেছি। আনৰ সৈতে ভাল সংযোগ গঢ়ি তোলা আৰু বৰ্তাই ৰখাটোৱে নিসংগতা দূৰ কৰাত সহায় কৰিব পাৰে—মানসিক স্বাস্থ্যৰ সমস্যা, যেনে মানসিক চাপ আৰু উদ্বেগ লাঘব কৰিব পাৰে।

সু-সম্পৰ্কৰ উপৰিও আন কেইবাটাও জীৱনশৈলী সম্পৰ্কীয় কাৰকে সুস্বাস্থ্য সাধন কৰিব পাৰে। খাদ্য, কাৰ্য-সক্ৰিয়তা, টোপনি, আৰু ধূমপানৰ প্ৰভাৱ সম্পৰ্কে অৱগত হৈ স্বপ্ৰণোদনাৰে এই অভ্যাসসমূহৰ উপযুক্ত সালসলি কৰি হানিকাৰক প্ৰভাৱৰ পৰা হাত সাৰিব আৰু হিতকাৰী প্ৰভাৱসমূহ অধিক প্ৰভাৱশালী কৰি গঢ়ি ল’ব পাৰি। এনেদৰে স্বাস্থ্য-সম্পৰ্কীয় বিপদ-দুৰ্ঘটনা হ্ৰাস কৰিব পাৰি। লগতে দীৰ্ঘায়ু হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰি। ‘ভেৰিৱেল হেল্থ’ শীৰ্ষক এই লেখাটোৱে সাতোটা জীৱনশৈলী সম্পৰ্কীয় কাৰকৰ উল্লেখ কৰিছে—সেইবোৰ কিয় গুৰুত্বপূৰ্ণ আৰু ইতিবাচক পৰিৱৰ্তন কেনেকৈ আৰম্ভ কৰিব পাৰি। এইকেইটা কাৰকৰ প্ৰভাৱ সু-স্বাস্থ্য গঢ়ি তোলাৰ ক্ষেত্ৰত সৰ্বোত্তম বৈজ্ঞানিক প্ৰমাণৰ দ্বাৰা সমৰ্থিত। চমুকৈ ক’বলৈ গ’লে জীৱনশৈলীৰ অৰ্থ হ’ল কোনো ব্যক্তি বা সামাজিক গোটৰ জীৱন যাপনৰ ধৰণ-কৰণ। সুস্থ-সম্পৰ্ক আৰু জীৱনশৈলী সম্পৰ্কীয় কেতবোৰ সু-অভ্যাস বজাই ৰখাটোৱে ব্যক্তিক সুখী আৰু সুস্থ জীৱন যাপন কৰাত সহায় কৰিব পাৰে। জীৱনশৈলী ব্যক্তি এজনৰ সচেতনতা নিৰ্ভৰশীল আৰু ইচ্ছাৰ অধীন। সুস্থ জীৱনশৈলীৰে আমি আমাৰ স্বাস্থ্যৰ প্ৰতি থকা বিপদসমূহ হ্ৰাস কৰিব পাৰোঁ আৰু সম্ভৱতঃ আয়ুস বৃদ্ধি কৰিব পাৰোঁ।

সঠিক পৰিমাণৰ টোপনি

সঠিক পৰিমাণৰ টোপনি, আৰু নিয়মিতভাৱে টোপনি অহাটো প্ৰথম। টোপনি ক্ষতিৰ মানুহৰ খাদ্যাভ্যাস আৰু ব্যায়াম বা শাৰিৰীক পৰিশ্ৰমৰ অভাৱ। টোপনি আৰু আয়ুসৰ মাজৰ সম্পৰ্ক গৱেষণাৰ দ্বাৰা সমৰ্থিত। অতি কম আৰু বেছি টোপনি দুয়োটাই স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। 

সুষম আহাৰ গ্ৰহণ

স্বাস্থ্যসন্মত খাদ্যই আমাক শক্তি প্ৰদান আৰু হৃদৰোগ, ডায়েবেটিছ, কেন্সাৰ, আৰু অন্যান্য ৰোগৰ সম্ভাৱনা কম কৰে। এই ৰোগসমূহৰ কিছুমানৰ খাদ্য আৰু পুষ্টিৰ সৈতে সম্পৰ্ক প্ৰমাণিত, যেনে ৰঙা মাংস আৰু কলৰেক্টেল কেন্সাৰৰ মাজত সম্পৰ্ক স্পষ্ট।

শাৰীৰিক সক্ৰিয়তা

নিয়মিত শাৰীৰিক সক্ৰিয়তাই ওজন সুস্থ কৰি ৰখাত সহায়, দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস, আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে।

ধূমপান পৰিত্যাগ

বিশ্বজুৰি ধূমপান মৃত্যুৰ প্ৰধান কাৰণ অথচ এনে মৃত্যু প্ৰতিৰোধযোগ্য। ধূমপান এৰিলে স্বাস্থ্যৰ উন্নতি ঘটিব পাৰে আৰু দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

মদ্যপান বৰ্জন-সীমিত কৰা

অত্যধিক মদ্যপান কৰিলে যকৃতৰ ৰোগ, উচ্চ ৰক্তচাপ, আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। মদ্যপান নকৰিলে অন্ততঃ সীমিত কৰিলে সুস্বাস্থ্য বজাই ৰখাত সহায়ক।

সুস্থ ওজন

অতিৰিক্ত ওজন বা মেদবহুল হ’লে হৃদৰোগ, ডায়েবেটিছ, কেন্সাৰ আদি দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। সুস্থ ওজন বজাই ৰাখিলে এই ৰোগবোৰৰ আশংকা কম হয়।

মানসিক চাপ

দীৰ্ঘদিনীয়া মানসিক চাপে উচ্চ ৰক্তচাপ, হৃদৰোগ, হতাশা আদি বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ কাৰণ হ’ব পাৰে। অৱসৰ-বিনোদন কৌশল, ব্যায়াম আৰু অন্যান্য পদ্ধতিৰ জৰিয়তে মানসিক চাপ নিয়ন্ত্ৰন বা পৰিচালনা কৰিলে সুস্বাস্থ্য বজাই ৰখাত সহায়ক হ’ব পাৰে।

সামৰণিত ক’বলৈ গ’লে এই সাতোটা জীৱনশৈলীৰ কাৰক সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে অতি প্ৰভাৱশালী। সুস্থ সম্পৰ্ক আৰু জীৱনশৈলীৰ অভ্যাসে আমাক সুখী আৰু সুস্থ জীৱন যাপন কৰাত সহায় কৰিব পাৰে।