Skip to main content

সেউজীয়া জীৱন ধাৰণ (গ্ৰীণ লিভিং) কি?

আজিকালি পৰিবেশ বহনক্ষমভাৱে আৰু জৈৱ ইন্ধনৰ কম ব্যৱহাৰেৰে কেনেকৈ জীয়াই থাকিব পাৰি সেইটো অতি গুৰুত্বপূৰ্ণ৷

পৰিৱেশ সচেতন হোৱাটো কেৱল প্লাষ্টিকৰ বেগ এৰাই চলাতকৈ বহু বেছি, দৈনন্দিন জীৱনত লোৱা সিদ্ধান্ত লোৱা।ই আমাৰ প্ৰজাতিৰ ভাগ্য নিৰ্ধাৰণ কৰিব পৰাকৈ গুৰুত্বপূৰ্ণ।

প্ৰদূষণ হ্ৰাস, বন্যপ্ৰাণী সুৰক্ষা, প্ৰাকৃতিক সম্পদ সংৰক্ষণ, আৰু জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ হাৰ হ্ৰাস কৰাত সহায় কৰিব পৰা বিভিন্ন প্ৰচেষ্টাৰ জৰিয়তে আমি আমাৰ জীৱন ধাৰণ সেউজীয়া কৰি তুলিব পাৰো।

কিন্তু আমি বেছিভাগেই এই ক্ষেত্ৰত অৰ্থপূৰ্ণ পৰিৱৰ্তন অনাটো টান, প্ৰত্যাহ্বানজনক বুলি বিবেচনা কৰোঁ। কাৰণ আমি নিশ্চিত নহয় যে ক’ৰ পৰা আৰম্ভ কৰিম। অথচ এইবোৰ অতি সৰু সৰু পদক্ষেপ যিয়ে পৰিৱেশৰ ওপৰত উল্লেখযোগ্য প্ৰভাৱ পেলাব পাৰে।

এই সম্যক গাইডখনে দেখুৱাইছে যে আপোনাৰ জীৱনৰ বিভিন্ন দিশত কেনেকৈ সেউজ জীৱন কাৰ্যকৰী কৰিব পাৰি যাতে আপোনাৰ দৈনন্দিন কাম-কাজত অধিক পৰিৱেশ-বন্ধুত্বপূৰ্ণ হৈ পৃথিৱীৰ প্ৰদূষণৰ সমস্যাসমূহক প্ৰভাৱিত কৰা অভ্যাস সলনি কৰাত সহায় কৰিব পাৰে।

গ্ৰীণ লিভিং কি?

সেউজ জীৱন হৈছে এনে এক জীৱনশৈলী যিয়ে পৃথিৱীৰ প্ৰাকৃতিক সম্পদ, বাসস্থান আৰু জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু সুৰক্ষাৰ সৈতে মানৱ সভ্যতা আৰু সমাজৰ সৈতে যিমান পাৰি সিমান ভাৰসাম্য ৰক্ষা কৰাৰ লক্ষ্য ৰাখে।

সহজ ভাষাত ক’বলৈ গ’লে সেউজীয়া আৰু বহনক্ষমভাৱে জীয়াই থকাৰ অৰ্থ হ’ল প্ৰকৃতিৰ বিৰুদ্ধে নহয়, প্ৰকৃতিৰ সৈতে কাম কৰা আৰু পৰিৱেশ ব্যৱস্থাৰ কোনো উপাদানৰ দীৰ্ঘম্যাদী বা অপূৰণীয় ক্ষতি নকৰা জীৱনশৈলী গঢ়ি তোলা।

সেউজীয়া আৰু অধিক বহনক্ষম জীৱন যাপন কৰাৰ সহজ উপায়

পেট্ৰলৰ সেউজীয়া বিকল্প বিচাৰি উলিয়াওক-

পেট্ৰ’লৰ দৰে জীৱাশ্ম ইন্ধন জ্বলোৱাৰ ফলত বায়ুমণ্ডললৈ কাৰ্বন-ডাই-অক্সাইড সেউজ গৃহ গেছ নিৰ্গত হয়। বৈদ্যুতিক বাহনে ক্ষতিকাৰক CO2 নিৰ্গমন কম কৰে। বৈদ্যুতিক বাহন এখন কিনিব পৰা নোযাৱালৈ আমি পেট্ৰল বা ডিজেলত চলা গাড়ী ব্যৱহাৰ কম কৰিব পাৰোঁ। যদি আমি আমাৰ কাৰ্বন ফুটপ্ৰিণ্ট আৰু ড্ৰাইভিং কাৰ্য্যকলাপে পৰিৱেশৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়ে পৰিৱেশ সচেতন হওঁ, তেন্তে এই পৰিবৰ্তন এটা সামান্য অসুবিধা।

হাইড্ৰজেন ইন্ধন কোষৰ বাহন আন এক সম্ভৱপৰ বিকল্প। হাইড্ৰজেন হৈছে এক জনপ্ৰিয় আৰু অতি উদ্ভাৱনীমূলক ইন্ধন যিয়ে গোলকীয় উষ্ণতাৰ পৰিণতিৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব। জীৱাশ্ম ইন্ধনৰ আন কেতবোৰ বিকল্পও উপলব্ধ হ'ব যিবোৰ পেট্ৰ’লৰ তুলনাত সেউজীয়া আৰু বহুত কম খৰচী। আমি এই বিৰল্পবোৰ উপলব্ধ নোহাৱা পৰ্যন্ত ড্ৰাইভিং কাৰ্য্যকলাপ কম কৰোঁহক।

ভ্ৰমণৰ সময়ত সেউজীয়া হোটেল কোঠা বিচাৰক-

গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ৰমবৰ্ধমান ভাবুকিৰ লগে লগে ব্যক্তি আৰু ব্যৱসায়ীসকলে বিশেষকৈ হোটেল আৰু আতিথ্য উদ্যোগত ব্যৱসায়ত অধিক পৰিৱেশ-সচেতন পদ্ধতি ব্যৱহৃত হ'বলৈ ধৰিছে। লণ্ডনকে ধৰি বহু চহৰে কাৰ্বন নিৰ্গমন হ্ৰাস কৰা আৰু সেউজ জীৱনশৈলী গঢ়ি তোলাৰ ক্ষেত্ৰত নেতৃত্ব দিছে।

সৌৰশক্তিৰ ব্যৱহাৰ কৰক-

নবীকৰণযোগ্য সৌৰশক্তি ব্যৱহাৰ পৰিৱেশৰ অনুকূল। তাঁৰৰ প্ৰয়োজন নোহোৱা সৌৰ লাইট স্থাপন কৰাটো সহজ। অন্যান্য উৎসৰ তুলনাত সৌৰ লাইটসমূহ সুলভ আৰু ইয়াৰ ৰক্ষণাবেক্ষণৰ প্ৰয়োজন অবিশ্বাস্যভাৱে কম। ঘৰত সৌৰশক্তি আহৰণৰ পেনেলৰ ব্যৱস্থাও আজিকালি অৰ্থকৰী।

মাংস কমকৈ খাব লাগে-

ঔদ্যোগিক মাংস উৎপাদনে পৰিৱেশৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। গতিকে অধিক উদ্ভিদভিত্তিক খাদ্য গ্ৰহণ কৰাটো পৰিৱেশৰ বাবে উত্তম বিকল্প হ’ব।

কিন্তু খাদ্যৰ কাৰ্বন ফুটপ্ৰিণ্ট কমাবলৈ একমাত্ৰ ব্যৱহাৰিক সমাধান হ’ল মাংস কম খোৱা। ঔদ্যোগিক ব্যৱস্থাত পালন কৰা জীৱ-জন্তুবোৰক অমানৱীয় পৰিস্থিতিত বাধাগ্ৰস্ত স্থানত ৰখা হয় আৰু ইয়াৰ মাটি, পৰিৱেশ আৰু পানী ব্যৱস্থাত ক্ষতিকাৰক প্ৰভাৱ পৰে। অৱশ্যে চৰণীয়া পথাৰত পশুধন ক্ষতিকাৰক নহয়। এই ধৰণৰ পুনৰুৎপাদনশীল কৃষিয়ে আমাৰ মাটি আৰু জলপথ পুনৰুদ্ধাৰত সহায় কৰিব পাৰে।

পৰিৱেশ অনুকূল কাপোৰ কিনা আৰম্ভ কৰক-

পৰিবেশ বহনক্ষম ইক’-ফেশ্বন ক্ৰমান্বয়ে জনপ্ৰিয় আৰু নৈতিক প্ৰমূল্য হৈ পৰিছে। আমি সঘনাই নতুন কাপোৰ নিকিনি পূৰণা যোৰে যিমান দিন পাৰি বিন্ধিব পাৰোঁ। বহুতেই পূৰ্ব-ব্যৱহাৰ হোৱা কিন্তু ভালে থকা কাপোৰ পিন্ধে। পূৰ্ব-ব্যৱহ্ত কাপোৰ কিনা-বেচা বহু বিশ্বৰ বহু চহৰত সাধাৰণ কথা। 

আপোনাৰ ঘৰখনক পৰিৱেশ অনুকূল কৰি তোলক-

সেউজীয়া আচবাবে আপোনাৰ ঘৰটো নান্দনিকভাৱেও পৰিৱৰ্তন কৰিব পাৰে৷ ড্ৰয়িং ৰূমটোৱেই হৈছে প্ৰতিটো ঘৰৰ হৃদয় সদৃশ। নতুন প্ৰযুক্তি আৰু ইণ্টেৰিয়ৰ ডিজাইন সমাধানে আমাৰ ঘৰটো সেউজীয়া বাসস্থানলৈ ৰূপান্তৰিত কৰিব দিয়ে। যিটো পৰম্পৰাগত পদ্ধতিতকৈ বহু বেছি দিনলৈকে স্থায়ীও হয়।

পৰিৱেশ অনুকূল জীৱনশৈলীৰ মূল লক্ষ্য হৈছে সেউজীয়া আৰু অধিক দায়িত্বশীল জীৱন বাছনি কৰা। কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰিবলৈ সুস্থ জীৱনশৈলীৰ বাছনি কৰাটো হৈছে গ্ৰহটোৰ প্ৰদূষণ হ্ৰাস কৰাত সহায় কৰিবলৈ যিকোনো ব্যক্তিয়ে কৰিব পৰা আটাইতকৈ মানৱীয় কাম। সেউজীয়া জীৱনশৈলীৰে জীয়াই থকাটো কঠিন নহয় ৷ ইয়াৰ আৰম্ভণি হয় সহজ কিন্তু চিন্তাশীল পদক্ষেপৰ পৰা যেনে আপুনি ব্যৱহাৰ নকৰা কোঠা এটাৰ লাইট বন্ধ কৰা৷ অপচয়-অপব্যৱহাৰ ৰোধ আৰু মিতব্যয়ী জীৱন যাপন পৰিবেশ অনূকুল জীৱন ধাৰণৰ পাথেয়। 

পৰিৱেশ সচেতন হোৱাৰ ফলত আপোনাৰ ধনো ৰাহি হয়! 

আজিয়েই পৰিৱেশ অনুকূল জীৱন যাপন কৰিবলৈ আৰম্ভ কৰক।

আমি উৎপন্ন কৰা প্ৰদূষণক কাৰ্বন ফুটপ্ৰিণ্ট বুলি কোৱা হয় - যি পৰিমাণৰ নিৰ্গমনৰ বাবে কোনো ব্যক্তি বা কোম্পানী দায়ী।

সাধাৰণতে, এই ফুটপ্ৰিণ্টে আপোনাৰ প্ৰত্যক্ষ শক্তি ব্যৱহাৰক সামৰি লয় - যেনে ঘৰত ব্যৱহৃত শক্তিৰ জৰিয়তে, বা গাড়ী চলাবলৈ ইন্ধনৰ জৰিয়তে; আৰু পৰোক্ষ ব্যৱহাৰ, উদাহৰণস্বৰূপে আমি কিনা আৰু ব্যৱহাৰ কৰা বস্তু যেনে কাপোৰ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা শক্তিৰ জৰিয়তে।

হয়তো বৈপ্পবিক পৰিৱৰ্তনৰ প্ৰয়োজন, যেনে বিমান সেৱা সম্পূৰ্ণৰূপে কৰ্তন কৰা, কিন্তু আমি এইবোৰ সম্পূৰ্ণৰূপে পৰিহাৰ নকৰিলেও হ'ব পাৰে। আমি কৰিব পৰা কিছুমান সাধাৰণ আৰু ফলপ্ৰসূ পৰিৱৰ্তন হ’ল কম সঘনাই উৰাজাহাজত উঠা, আৰু কম পেট্ৰ’ল আৰু ডিজেল ব্যৱহাৰ কৰা। উন্নত দেশত এনে পৰিবহণে আপোনাৰ কাৰ্বন ফুটপ্ৰিণ্টত বহুখিনি অৰিহণা যোগায়।

আপুনি কেনেকৈ আপোনাৰ কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰিব পাৰে সেই বিষয়ে অধিক জানিবলৈ তলৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক।