Skip to main content

অপেন এ আই

অপেনএআই (OpenAI) হৈছে এটা অলাভজনক (Not-for-profit) আমেৰিকান কৃত্ৰিম বুদ্ধিমত্তা (AI) গৱেষণা সংস্থা বা কোম্পানী (OpenAI, Inc)। তেওঁলোকৰ ঘোষিত লক্ষ্য 'সুৰক্ষিত আৰু কল্যামকামী' কৃত্ৰিম বুদ্ধিমত্তা বিকাশ কৰা। লগতে এই গৱোষণা 'মুক্ত-উৎস' (Open Source) কৰি ৰখা, অৰ্থাৎ গোপনীয়াতা নাৰাখি সমস্ত কোড মুকলি কৰি দিয়া হয়। OpenAI এ ইতিমধ্যে ChatGPT আৰু GPT-4 লগতে DALL-E 3 আদি কেইবাটাও কৃত্ৰিম বুদ্ধিমত্তাৰ ভাষাৰ আৰ্হি বিকশিত কৰিছে।

কিন্তু OpenAIএ ঘোষিত লক্ষ্যৰ পৰা আঁতৰি এটা লাভজনক সহযোগী কোম্পানী OpenAI Global, LLC পঞ্জীয়ন কৰি শেহতীয়া কামকাজ সমূহ ব্যৱসায়িক কৰি তুলিছে। এই লৈ বিতৰ্ক হৈছে। ২০২৩ চনৰ ১৭ নৱেম্বৰত OpenAIৰ ব’ৰ্ডে প্ৰতিষ্ঠাপক মুখ্য কাৰ্যবাহী বিষয়া ছেম অল্টমেনক অপসাৰণ কৰে। লগতে আন এজন প্ৰতিষ্ঠাপক গ্ৰেগ ব্ৰকমেনকো অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা হয়। কিন্তু চাৰিদিন পিছতেই দুয়োজনকেই উভতাই অনা হয় আৰু ব’ৰ্ডৰ বেছিভাগ সদস্যই পদত্যাগ কৰে। নতুন ব'ৰ্ডত চেলছফৰ্চৰ প্ৰাক্তন সহ-মুখ্য কাৰ্যবাহী বিষয়া ব্ৰেট টেইলৰক অধ্যক্ষ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। OpenAIএ এইটোও ঘোষণা কৰে যে মাইক্ৰ'ছফটে OpenAIত ব'ৰ্ডৰ সদস্যৰ আসন পাব কিন্তু ভোটদান কৰাৰ অধিকাৰ নাথাকিব। ইতিমধ্যে মাইক্ৰ'ছফটে ২০১৯ চনত OpenAI Global LLCত ১ বিলিয়ন ডলাৰৰ বিনিয়োগ কৰিছে। সদ্যহতে ২০২৩ চনত ১০ বিলিয়ন ডলাৰৰ বিনিয়োগো ঘোষণা কৰিছে। 

অতি সোনকালে জনপ্ৰিয় হৈ পৰা OpenAI নিৰ্মিত ChatGPT মুক্তিয়ে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰৰ দিশত নতুন দিগন্ত সূচনা কৰিছে। সেয়ে OpenAIৰ আৰম্ভণি আৰু ইয়াৰ শেহতীয়া গতিবিধি সম্বন্ধে মানুহৰ উৎসুকতা আছে। ছেম অল্টমেনৰ অপসাৰণ আৰু তাৎতক্ষণিক পুণৰ্সংস্থাপনৰ নাটকীয়তাই এই উৎসুকতা বৃদ্ধি কৰিছে।

২০১৫–২০১৮: অলাভজনক আৰম্ভণি

২০১৫ চনৰ ডিচেম্বৰ মাহত ছেম অল্টমেন, গ্ৰেগ ব্ৰকমেন, ৰিড হফমেন, জেচিকা লিভিংষ্টন, পিটাৰ থিল, ইলন মাস্ক, এমাজন ৱেব চাৰ্ভিচেছ (AWS), ইনফ'চিছ আৰু ৱাইচি ৰিচাৰ্চে OpenAI গঠনৰ কথা ঘোষণা কৰি যুটীয়াভাৱে ১ বিলিয়ন ডলাৰ মূল ধনৰ প্ৰতিশ্ৰুতি দিযছিল। এওঁলোকৰ উপৰি ইলিয়া ছাটস্কেভাৰ, ট্ৰেভৰ ব্লেকৱেল, ভিকি চেউং, আন্দ্ৰেজ কাৰ্পাথী, ডাৰ্ক কিংমা, জন শ্বুলমেন, পামেলা ভাগাটা, আৰু ৱজচেক জাৰেম্বাই এই সংস্থাটোৰ প্ৰাৰম্ভিক ব’ৰ্ড হিচাপে কাম কৰিছিল। OpenAIৰ মুখ্য কাৰ্যালয় ছান ফ্ৰান্সিস্কোৰ মিছন ডিষ্ট্ৰিক্টৰ পাইয়নিয়াৰ বিল্ডিঙত।

২০১৯ চনলৈকে প্ৰকৃততে সংগ্ৰহ কৰা মুঠ অৱদানৰ পৰিমাণ আছিল মাত্ৰ ১৩ কোটি ডলাৰ। টেকক্ৰাঞ্চৰ নেতৃত্বত কৰা এক তদন্ত অনুসৰি ইলন মাস্ক ইয়াৰ সৰ্ববৃহৎ দাতা আছিল। আনহাতে ৱাইচি ৰিচাৰ্চে একো অৱদান আগবঢ়োৱা নাছিল। OpenAIএৰ জন্মলগ্নৰ উদ্দেশ্য আছিল যে OpenAIএ ইয়াৰ পেটেণ্ট আৰু গৱেষণাসমূহ জনসাধাৰণৰ বাবে মুকলি কৰি দিব আৰু অন্য প্ৰতিষ্ঠান আৰু গৱেষকৰ সৈতে 'মুক্তভাৱে সহযোগিতা' কৰিব। 

গ্ৰেগ ব্ৰকমেনে কৃত্ৰিম বুদ্ধিমত্তাৰ অন্যতম 'প্ৰতিষ্ঠাপক পিতৃ' যোছুয়া বেংগিঅ'ক সাক্ষাৎ কৰি ক্ষেত্ৰখনৰ শ্ৰেষ্ঠ গৱেষকসকলৰ তালিকা প্ৰস্তুত কৰিছিল, এইবুলি কোৱা হয়। ব্ৰকমেনে ২০১৫ চনৰ ডিচেম্বৰ মাহত ৯ গৱেষকক প্ৰথম কৰ্মচাৰী হিচাপে নিযুক্তি দিবলৈ সক্ষম হৈছিল। ২০১৬ চনত OpenAIএ অলাভজনক স্বত্ত্বেও 'কৰ্পৰেট-স্তৰ'ৰ দৰমহা দিছিল, কিন্তু ফেচবুক বা গুগলৰ তুলনাত কমকৈ দিছিল। এজন শীৰ্ষ কৃত্ৰিম বুদ্ধিমত্তা গৱেষকৰ দৰমহা অতি উচ্চ হাৰৰ। তথাপি OpenAIৰ সম্ভাৱনা আৰু ঘোষিত লক্ষ্যই গৱেষকসকলক প্ৰতিষ্ঠানটোলৈ আকৰ্ষণ কৰিছিল। গুগলৰ এজন কৰ্মচাৰীয়ে কয় যে তেওঁ গুগল এৰি OpenAIলৈ আহিবলৈ ইচ্ছুক আছিল কাৰণ আংশিকভাৱে ইয়াৰ সৈতে জড়িত অতি শক্তিশালী ব্যক্তি কিন্তু বহু পৰিমাণে ইয়াৰ উদ্দ্যেশ্যৰ বাবে। ব্ৰকমেনে কৈছিল যে 'মই কল্পনা কৰিব পৰা সৰ্বোত্তম উদ্যম OpenAI'। ইয়াৰ সহ-প্ৰতিষ্ঠাপক ৱজচেক জাৰেম্বাই কৈছিল যে OpenAI ত যোগদান কৰিবলৈ তেওঁ আন কোম্পানীৰ পৰা অহা বজাৰ মূল্যৰ দুগুণৰ পৰা তিনিগুণ পৰ্যন্ত সীমাৰেখাৰ 'উন্মাদ' প্ৰস্তাৱ নাকচ কৰিছিল।

২০১৬ চনৰ এপ্ৰিল মাহত OpenAIএ 'OpenAI Gym' নামৰ কৃত্ৰিম বুদ্ধিমত্তা বিকাশ কৰাৰ এখন প্লেটফৰ্মৰ ৰাজহুৱা প্ৰাথমিক (Beta) ভাৰ্ছন মুকলি কৰে। এনভিডিয়া (Nvidia) নামৰ কোম্পানীটোৱে ২০১৬ চনৰ আগষ্ট মাহত OpenAIক প্ৰথমটো DGX-1 ছুপাৰ কম্পিউটাৰ উপহাৰ দিছিল যাতে ছয় দিনৰ পৰা দুঘণ্টালৈ প্ৰচেছিং সময় হ্ৰাস কৰাৰ ক্ষমতাৰে বৃহৎ আৰু অধিক জটিল কৃত্ৰিম বুদ্ধিমত্তাৰ মডেল প্ৰশিক্ষণ দিব পাৰে। ২০১৬ চনৰ ডিচেম্বৰ মাহত OpenAIএ 'Universe' মুকলি কৰে, যিটো হৈছে বিশ্বৰ গেম, ৱেবছাইট আৰু অন্যান্য এপ্লিকেচনৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা বুদ্ধিমত্তাৰ বিকাশ আৰু ইয়াৰ দক্ষতা নিৰূপণ কৰাৰ বাবে এখন চফ্টৱেৰ প্লেটফৰ্ম।

২০১৭ চনত OpenAIএ ৭.৯ মিলিয়ন ডলাৰ, যি ইয়াৰ কাৰ্য্যকৰী ব্যয়ৰ এক চতুৰ্থাংশ, কেৱল 'ক্লাউড কম্পিউটিঙ'ৰ বাবে ব্যয় কৰিছিল। ইয়াৰ তুলনাত ২০১৭ চনত 'ডিপমাইণ্ড'ৰ মুঠ খৰচ আছিল ৪৪২ মিলিয়ন ডলাৰ। ২০১৮ চনৰ গ্ৰীষ্মকালত OpenAIৰ Dota 2 বটসমূহক প্ৰশিক্ষণ দিয়াৰ বাবে গুগলৰ পৰা একাধিক সপ্তাহৰ বাবে ১২৮,০০০টা চিপিইউ আৰু ২৫৬টা জিপিইউ ভাড়ালৈ লোৱাৰ প্ৰয়োজন হৈছিল।

২০১৮ চনত ইলন মাস্কে ব'ৰ্ডৰ আসনৰ পৰা পদত্যাগ কৰে। টেছলাৰ মুখ্য কাৰ্যবাহী হিচাপে তেওঁৰ ভূমিকাৰ সৈতে ভৱিষ্যতে OpenAIএৰ স্বাৰ্থৰ সম্ভাৱ্য সংঘাত হ'ব পাৰে, কাৰণ টেছলাইও স্বয়ংচালিত গাড়ীৰ বাবে নিজাকৈ কৃত্ৰিম বুদ্ধিমত্তা বিকাশৰ কাম আৰম্ভ কৰিছিল। ছেম অল্টমেনে দাবী কৰে যে মাস্কে দৰাচলতে OpenAI গুগলৰ দৰে আন কোম্পানীৰ তুলনাত পিছ পৰি গৈছে বুলি তেওঁ নিজেই OpenAIৰ দায়িত্ব লোৱাৰ প্ৰস্তাৱ দিছিল, যিটো ব’ৰ্ডে নাকচ কৰিছিল, সেয়ে তাৰ পিছত মাস্কে OpenAI এৰি যায়।

২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত জিপিটি-২ ঘোষণা কৰা হৈছিল, যিয়ে মানুহৰ দৰে লিখনী সৃষ্টি কৰাৰ ক্ষমতাৰ বাবে বিৰাট মনোযোগ লাভ কৰিছিল।

২০১৯: অলাভজনক সংস্থাৰ পৰা পৰিৱৰ্তন

২০১৯ চনত OpenAIএ 'কেপড' (capped) লাভজনক সহযোগী কোম্পানী OpenAI Global, LLC গঠন কৰে। বিনিয়োগৰ ১০০ গুণ লাভৰ উচ্চতম সীমা নিৰ্ধাৰণ কৰা হয়। OpenAIৰ ইয়াৰ সপক্ষে কয যে 'কেপড-প্ৰফিট' আৰ্হিয়ে OpenAI Gloval LLCক 'ভেঞ্চাৰ ফাণ্ড' সমূহৰ পৰা বিনিয়োগ আইনীভাৱে আকৰ্ষণ কৰিবলৈ আৰু ইয়াৰ উপৰি কৰ্মচাৰীসকলক কোম্পানীটোত অংশীদাৰিত্ব প্ৰদান কৰিবলৈ সুবিধা দিব। 'গুগল ব্ৰেইন', 'ডিপমাইণ্ড' বা ফেচবুকৰ বাবে কাম কৰি থকা বহু শীৰ্ষ গৱেষকক কোম্পানীয়ে ষ্টক বিকল্প প্ৰদান কৰে, যি এটা অলাভজনক সংস্থাই কৰিব নোৱাৰে। 

তাৰ পিছত কোম্পানীটোৱে নিজৰ কৰ্মচাৰীসকলক 'ইকুইটি' বিতৰণ কৰে আৰু মাইক্ৰ'ছফ্টৰ সৈতে অংশীদাৰিত্ব কৰে। মাইক্ৰ'ছফ্টে কোম্পানীটোত ১ বিলিয়ন ডলাৰৰ বিনিয়োগ ঘোষণা কৰে। তেতিয়াৰ পৰা OpenAIৰ চিস্টেমসমূহ Microsoftৰ Azure-ভিত্তিক ছুপাৰ কম্পিউটিং প্লেটফৰ্মত চলি আছে।

তাৰ পিছত OpenAI Global LLC এ ইয়াৰ প্ৰযুক্তিসমূহক বাণিজ্যিকভাৱে অনুজ্ঞাপত্ৰ দিয়াৰ উদ্দেশ্য ঘোষণা কৰে। কোম্পানীটোৱে  ১ বিলিয়ন ডলাৰ পাঁচ বছৰৰ ভিতৰত, সম্ভৱতঃ তাতোকৈও অধিক দ্ৰুতভাৱে ব্যয় কৰাৰ পৰিকল্পনা কৰিছিল।অল্টমেনে উল্লেখ কৰিছিল যে আনকি এক বিলিয়ন ডলাৰো পৰ্যাপ্ত নহ'ব পাৰে।

অলাভজনক কোম্পানীৰ পৰা কেপড-লাভজনক কোম্পানীলৈ পৰিৱৰ্তনক অলাভজনক এলেন ইনষ্টিটিউট ফৰ এআইৰ অৰেন ইটজিয়নীয়ে সন্দেহৰ দৃষ্টিৰে চাইছিল। তেওঁ মানিছিল হৈছিল যে শীৰ্ষ গৱেষকসকলক অলাভজনক সংস্থালৈ আকৰ্ষণ কৰাটো কঠিন, কিন্তু তেওঁ কয় যে অলাভজনক কোম্পানীয়েহে কৰিব পাৰে এই ধাৰণাটোৰ সৈতে একমত নহয়। অন্যান্য সফল কম বাজেটৰ প্ৰকল্পলৈ আঙুলিয়াই দিছিল। যদি ডাঙৰ পুঁজিয়েই লাগে, তেন্তে আই বি এম এতিয়াও এক নম্বৰ হ'লহেঁতেন।

OpenAI Global LLC ৰ একমাত্ৰ নিয়ন্ত্ৰণকাৰী অংশীদাৰ হৈছে অলাভজনক সংস্থা OpenAI, Inc.। OpenAI, Inc.ৰ ব'ৰ্ডৰ সংখ্যাগৰিষ্ঠকে OpenAI Global LLC ত আৰ্থিক অংশীদাৰিত্ব ৰখাত বাধা দিয়া হৈছে। ইয়াৰ উপৰি OpenAI Global LLC ত অংশীদাৰিত্ব থকা কিছুমান সদস্যসক স্বাৰ্থৰ সংঘাতৰ বাবে ভোট দিয়াৰ অধিকাৰ দিয়া হোৱা নাই। 

তথাপি বহুতে যুক্তি দিছে যে OpenAIক গণতান্ত্ৰিক কৰাৰ নামত OpenAI Global LLC এই লাভজনক কোম্পাানী খোলাটো বিসঙ্গতিপূৰ্ণ।

২০২০–২০২৩: ChatGPT, DALL-E, আৰু মাইক্ৰ’ছফ্টৰ সৈতে অংশীদাৰিত্ব

২০২০ চনত OpenAIএ বৃহৎ ইণ্টাৰনেট ডাটাছেটত প্ৰশিক্ষণপ্ৰাপ্ত ভাষা মডেল জিপিটি-৩ (GPT-3) ঘোষণা কৰে। জিপিটি-৩ৰ লক্ষ্য হৈছে মানুহৰ স্বাভাৱিক ভাষাৰে প্ৰশ্নৰ উত্তৰ দিয়া, লগতে ই ভাষাৰ অনুবাদ কৰিব পাৰে আৰু সুসংহতভাৱে 'ইম্প্ৰভাইজড' লিখনীও সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াৰ সৈতে সংযুক্ত 'এপিআই' (API)টোও মুকলি কৰি দিছিল যাৰ জৰিয়তে জিপিটি-৩ৰ পৰা বাণিজ্যিক উপকৰণসমূহ কৰিব পৰা যাব।

২০২১ চনত OpenAI এ জিপিটি-৩ৰ মূল গঠনটোৰ এটা ভিন্ন ৰূপ ব্যৱহাৰ কৰি পাঠ বিৱৰণৰ পৰা জটিল ডিজিটেল ছবি সৃষ্টি কৰাত পাকৈত এটা বিশেষ মডেল DALL-E মুকলি কৰে।

২০২২ চনৰ ডিচেম্বৰ মাহত OpenAIএ জিপিটি-৩.৫ৰ ওপৰত ভিত্তি কৰি ইয়াৰ নতুন AI 'চেটবট' চেটজিপিটি (ChatGPT)ৰ বিনামূলীয়া পূৰ্বদৰ্শন আৰম্ভ কৰে। ই ব্যাপক মিডিয়া কভাৰেজ লাভ কৰে। OpenAIৰ মতে এই প্ৰিভিউটোৱে প্ৰথম পাঁচ দিনৰ ভিতৰত এক মিলিয়নতকৈ অধিক চাইনআপ লাভ কৰিছিল। 

২০২২ চনৰ ডিচেম্বৰ মাহত ৰয়টাৰে উদ্ধৃত কৰা এক অনামী সূত্ৰৰ মতে OpenAI Global LLCএ ২০২৩ চনত ২০ কোটি ডলাৰৰ ৰাজহ আয় কৰিছিল, ২০২৪ চনত এই পৰিমাণ ১ বিলিয়ন ডলাৰলৈ বঢ়োৱাৰ পৰকল্পনা কৰিছিল।

২০২৩ চনৰ ২৩ জানুৱাৰীত মাইক্ৰ'ছফ্টে OpenAI Global LLC ত নতুনকৈ পৰ্যায়ক্ৰমে ১০ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগৰ কথা ঘোষণা কৰে। মাইক্ৰ'ছফ্টে নিজৰ বিনিয়োগৰ 'ৰিটাৰ্ণ' আৰু কোম্পানীটোত ৪৯% অংশীদাৰিত্ব নিশ্চিত নকৰালৈকে OpenAI Global LLCৰ লাভৰ ৭৫% লাভ কৰিব। এই বিনিয়োগ মাইক্ৰ’ছফ্টে OpenAIৰ ChatGPT 'বিং চাৰ্চ ইঞ্জিন'ত একত্ৰিত কৰাৰ প্ৰচেষ্টাৰ অংশ বুলি ধাৰণা কৰা হৈছে। গুগলে একেধৰণৰ এআই এপ্লিকেচন (Bard) ঘোষণা কৰিছিল, চেটজিপিটি আৰম্ভ কৰাৰ পিছত, এই আশংকা কৰি যে চেটজিপিটিয়ে তথ্যৰ উৎস হিচাপে গুগলৰ স্থানৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে।

২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত মাইক্ৰ'ছফটে ঘোষণা কৰে যে তেওঁলোকে চেটজিপিটিৰ দৰে একেটা ভেটিৰ ওপৰত ভিত্তি কৰি এআই প্ৰযুক্তি মাইক্ৰ'ছফ্ট বিং, এড্জ, মাইক্ৰ'ছফ্ট ৩৬৫ আৰু অন্যান্য ব্যৱহাৰ নিৰ্মাণ কৰি আছে।

২০২৩ চনৰ ৩ মাৰ্চত ৰিড হফমেনে স্বাৰ্থৰ সংঘাতৰ পৰা হাত সাৰিবলৈ OpenAIৰ ব’ৰ্ডৰ আসনৰ পৰা পদত্যাগ কৰে। কাৰণ হফমেন OpenAI Global LLCৰ প্ৰধান বিনিয়োগকাৰী মাইক্ৰ'ছফ্টৰ ব'ৰ্ডত আছে।

২০২৩ চনৰ ১৪ মাৰ্চত OpenAI এ GPT-4 মুকলি কৰে।

২০২৩ চনৰ আগষ্ট মাহত ঘোষণা কৰা হয় যে OpenAI এ নিউয়ৰ্ক ভিত্তিক ষ্টাৰ্ট-আপ গ্ল'বেল ইলুমিনেচন অধিগ্ৰহণ কৰিছে, ই AI ভিত্তিক ডিজিটেল আন্তঃগাঁথনি আৰু সৃষ্টিশীল সঁজুলি বিকাশ কৰে।

২০২৩ চনৰ ৬ নৱেম্বৰত OpenAIএ আন আন ব্যৱহাৰকাৰূ আৰু উদ্যোগীয়ে একো একোটা নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিবলৈ 'চেটজিপিটি সমূহ' মুকলি কৰে। ফলত বিভিন্ন উদ্যোগত AI এপ্লিকেচনৰ সম্ভাৱনা আৰু সম্প্ৰসাৰণৰ পথ মুকলি হয়।

১৭ নৱেম্বৰ–২২ নৱেম্বৰ: অল্টমেন আৰু ব্ৰকমেনৰ চমু বিদায়

২০২৩ চনৰ ১৭ নৱেম্বৰত ছেম অল্টমেনক হেলেন টনাৰ, ইলিয়া ছাটস্কেভাৰ, এডাম ডি’এঞ্জেলো আৰু টাছা মেকক’লিৰে গঠিত ব’ৰ্ডে আস্থাহীনতা প্ৰকাশ কৰি মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা অপসাৰণ কৰে, আৰু মুখ্য প্ৰযুক্তি বিষয়া মীৰা মুৰাটিক অন্তৱৰ্তীকালীন মুখ্য কাৰ্যবাহী বিষয়া নিয়োগ কৰে। OpenAI ৰ সভাপতি গ্ৰেগ ব্ৰকমেনকো ব'ৰ্ডৰ অধ্যক্ষৰ পৰা অপসাৰণ কৰা হয়। এই ঘোষণাৰ কিছু সময়ৰ পিছতে তেওঁৰ অপসাৰণৰ পূৰ্বে সংঘটিত হোৱা পৰিঘটনাৰ কিছু বিৱৰণ দিয়ে। ইয়াৰ পিছত আন তিনিজন জ্যেষ্ঠ OpenAI গৱেষকে পদত্যাগ কৰে- গৱেষণাৰ সঞ্চালক আৰু জিপিটি-৪ৰ নেতা জেকুব পাচোচ্কি, এআই ৰিস্কৰ মুৰব্বী আলেকজেণ্ডাৰ মেড্ৰি আৰু গৱেষক শ্বাইমন চিডৰে।

২০২৩ চনৰ ১৮ নৱেম্বৰত মাইক্ৰ'ছফ্ট আৰু থ্ৰাইভ কেপিটেলৰ দৰে বিনিয়োগকাৰীয়ে ব'ৰ্ডৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। তেওঁলোকে অল্টমেনৰ বিদায়ক গৰিহণা দিয়ে। অল্টমেনে নিজেও OpenAIলৈ ঘূৰি অহাৰ বিষয়ে আলোচনা আৰম্কভ হোৱাৰথা কৈছিল, যে তেওঁ আলোচনা সফল নহ'লে OpenAIৰ প্ৰাক্তন কৰ্মচাৰীসকলক লগত লৈ এটা নতুন কোম্পানী আৰম্ভ কৰাৰ কথা ভাবিছে। যদি অল্টমেনক ঘূৰাই লোৱা হয়, তেন্তে ব'ৰ্ডৰ সদস্যসকলে কোম্পানীটোৰ পৰা নীতিগতভাৱে পদত্যাগ কৰিব বুলি সন্মত হয়। ২০২৩ চনৰ ১৯ নৱেম্বৰত কোম্পানীটোলৈ ঘূৰি অহাৰ বাবে অল্টমেনৰ সৈতে হোৱা আলোচনা বিফল হয় আৰু মুৰাটিৰ ঠাইত এমেট শ্বিয়াৰে অন্তৱৰ্তীকালীন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব লয়।

২০২৩ চনৰ ২০ নৱেম্বৰত মাইক্ৰ'ছফ্টৰ মুখ্য কাৰ্যবাহী বিষয়া সত্য নাডেলাই ঘোষণা কৰে যে অল্টমেন আৰু ব্ৰকমেনে উন্নত এআইৰ সন্দৰ্ভত নতুন গৱেষণা দলৰ নেতৃত্ব দিবলৈ মাইক্ৰ'ছফ্টত যোগদান কৰিব। তেওঁ কয় যে তেওঁলোকে এতিয়াও OpenAIৰ প্ৰতি দায়বদ্ধ। মুৰাটি আৰু ছাটস্কেভাৰকে ধৰি ওপেনএআইৰ ৭৭০ জন কৰ্মচাৰীৰ ভিতৰত প্ৰায় ৭৩৮ জনেই এখন মুকলি পত্ৰত স্বাক্ষৰ কৰি কয় যে যদিহে ব'ৰ্ডে অল্টমেনক মুখ্য কাৰ্যবাহী বিষয়া হিচাপে পুনৰ নিযুক্তি নিদিয়ে, আৰু বৰ্ডৰ সদস্যসকলে তাৰ পিছত পদত্যাগ নকৰে, তেন্তে তেওঁলোকে চাকৰি এৰি মাইক্ৰ'ছফ্টত যোগদান কৰিব। OpenAI Global LLCৰ  বিনিয়োগকাৰীসকলে সম্ভাৱ্য গণ পদত্যাগ আৰু অল্টমেনক অপসাৰণৰ প্ৰতিবাদত ব'ৰ্ডৰ সদস্যসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা চিন্তা কৰিছিল। ইয়াৰ উত্তৰত OpenAIৰ পৰিচালনা সমিতিয়ে কৰ্মচাৰীসকললৈ এখন আভ্যন্তৰীণ স্মাৰকপত্ৰ প্ৰেৰণ কৰে য'ত কোৱা হৈছিল যে অল্টমেন আৰু OpenAI Global LLCৰ ব'ৰ্ডৰ মাজত আলোচনা চলি আছে আৰু ইয়াত কিছু সময় লাগিব।

২০২৩ চনৰ ২১ নৱেম্বৰত আলোচনাৰ অন্তত অল্টমেন আৰু ব্ৰকমেনে নতুন সদস্য ব্ৰেট টেইলৰ (অধ্যক্ষ হিচাপে) আৰু লৰেন্স ছামাৰ্ছক লৈ পুনৰ্গঠিত ব'ৰ্ডত তেওঁলোকৰ পূৰ্বৰ ভূমিকাত কোম্পানীটোলৈ উভতি আহে। একমাত্ৰ ডি'এঞ্জেলো পূৰ্বৰ বৰ্ডৰ সদস্য নৱগঠিত বৰ্ডত থাকি যায়। 

২০২৩ চনৰ ২২ নৱেম্বৰত এনে বাতৰি ওলাইছিল যে ছেম অল্টমেনক OpenAIৰ পৰা বৰ্খাস্ত কৰাৰ কাৰণ সংস্থাটোৰ গোপন প্ৰকল্প Q*ৰ এটা উল্লেখযোগ্য অগ্ৰগতি সন্দৰ্ভত তেওঁ লোৱা এক সিদ্ধান্তই নিৰাপত্তা সম্পৰ্কীয় নিয়ম-নীতি আওকান কৰাৰ পৰিণাম চম্ভালাৰ সৈতে জড়িত হ'ব পাৰে। OpenAIৰ ভিতৰৰ সূত্ৰ অনুসৰি, প্ৰকল্প Q*ৰ লক্ষ্য হৈছে যুক্তি আৰু গণিতৰ ক্ষেত্ৰত AIৰ যুক্তিগত ক্ষমতাৰ বিকাশ কৰা। এই বিকাশ সন্দৰ্ভত অল্টমেনৰ প্ৰতিক্ৰিয়া বৰ্ডৰ বাবে উদ্বেগজনক আছিল, বিশেষকৈ আৱিষ্কাৰৰ সম্ভাৱ্য সুৰক্ষাসম্পৰ্কীয় প্ৰভাৱৰ বিষয়ে তেওঁৰ কথিত আওকনীয়া মনোভাব। তেওঁক বৰ্খাস্ত কৰাৰ কিছু সময় পূৰ্বে কোম্পানীটোৰ ব'ৰ্ডলৈ এই সম্পৰ্কত সূচনা আহিছিল।

কৃত্ৰিম বুদ্ধিমত্তা আৰু সম্ভাব্য বিপদ

ছেম অল্টমেনে দশক দশক ধৰি চলি অহা OpenAI প্ৰকল্পটোৱে মানৱ বুদ্ধিমত্তাক অতিক্ৰম কৰিব বুলি আশা কৰিছে। কিন্তু কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগৰ নিৰাপত্তাজনিত দিশটোৰ প্ৰতি তেওঁৰ মনোভাব আওকনীয়া বুলি কোনো কোনো মহলত তেওঁ  শেহতীয়াকৈ অভিযুক্ত। মাস্ক আৰু অল্টমেনে কৈছিল যে তেওঁলোকৰ আংশিকভাৱে এআইৰ সুৰক্ষা আৰু কৃত্ৰিম সাধাৰণ বুদ্ধিমত্তাৰ পৰা হ'ব পৰা মানৱ অস্তিত্বৰ বিপদৰ বিষয়ে উদ্বেগ আছে। OpenAIৰ সহ-প্ৰতিষ্ঠাপক মাস্কে আনকি এআইক মানৱতাৰ 'বৃহত্তম অস্তিত্বৰ ভাবুকি' হিচাপে বৰ্ণনা কৰিছে।

OpenAIয়ে কয় যে AI ব্যক্তিগত মানৱ ইচ্ছাৰ সম্প্ৰসাৰণ হ'ব লাগে।

OpenAIএ কয় যে AIএ সমাজখনক কিমান উপকৃত কৰিব পাৰে, সেয়া বুজাটো কঠিন, আৰু ভুলভাৱে নিৰ্মাণ বা ব্যৱহাৰ কৰিলে মানৱ বুদ্ধিমত্তাৰ পৰ্যায়ৰ AIএ সমাজৰ কিমান ক্ষতি কৰিব পাৰে, সেয়া বুজাটোও সমানেই কঠিন। সুৰক্ষাৰ ওপৰত কৰা গৱেষণা পিছুৱাই দিব নোৱাৰি কাৰণ মানৱ বুদ্ধিমত্তাৰ পৰ্যায়ৰ AIএ ।যিকোনো মূহুৰ্তত বিকশিত হৈ উছিব পাৰে। 

ষ্টিফেন হকিং আৰু ষ্টুয়াৰ্ট ৰাছেলৰ দৰে বিজ্ঞানীয়ে কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কত উদ্বেগ প্ৰকাশ কৰিছিল। যদিহে কোনোবাদিনা উন্নত এআইয়ে নিজকে নিত্য বিকশিত আৰু পুনৰ ডিজাইন কৰাৰ ক্ষমতা লাভ কৰে, তেন্তে মানুহৰ বিলুপ্তি হ'ব পাৰে।

২০১৮ চনত তেওঁৰ বিদায়ৰ আগৰ প্ৰথম বছৰবোৰত মাস্কে এই প্ৰশ্নটো উত্থাপন কৰিছিল যে, "ভৱিষ্যৎ ভাল হোৱাটো নিশ্চিত কৰিবলৈ আমি কি উত্তম কাম কৰিব পাৰো? আমি বহি থাকিব পাৰো বা নিয়ন্ত্ৰণমূলক তদাৰকী ব্যবস্থা এটা গঢ়ি তোলাত উৎসাহ যোগাব পাৰো, নহ'লে আমি নিৰাপদ আৰু মানৱতাৰ বাবে উপকাৰীভাৱে এআই বিকাশৰ প্ৰতি গভীৰভাৱে দায়বদ্ধ লোকসকলৰ সৈতে সঠিকভাৱে অংশগ্ৰহণ কৰিব পাৰো।" মাস্কে স্বীকাৰ কৰিছিল যে "সদায় আশংকা থাকে যে বন্ধুত্বপূৰ্ণ এআইক আগুৱাই নিবলৈ চেষ্টা কৰিলে আমি আমি নিবিচৰা বস্তুটোহে সৃষ্টি কৰিব পাৰো।" ইয়াৰ সৰ্বোত্তম প্ৰতিৰক্ষা হ'ল "যিমান সম্ভৱ সিমান মানুহক এআইৰ দ্বাৰা সমৃদ্ধ ব'বলৈ শক্তিশালী কৰা। কাৰণ যদি সকলোৰে এআই শক্তি থাকে, তেন্তে এআইৰ মহাশক্তি থকা কোনো এজন ব্যক্তি বা ব্যক্তিৰ সৰু গোটৰ হাতত নাথাকিব।"

মাস্ক আৰু অল্টমেনৰ এই কৌশল যে এআইয়ে সামগ্ৰিক ক্ষতি কৰাৰ আশংকা হ্ৰাস কৰিবলৈ সকলোকে এআই দিয়া হওক এই ধাৰণা কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা আহিব পৰা অস্তিত্বৰ বিপদৰ সৈতে চিন্তিতসকলৰ মাজত বিতৰ্কিত ধাৰণা। দাৰ্শনিক নিক বষ্ট্ৰমে মাস্কৰ এই পন্থাৰ প্ৰতি সন্দেহ প্ৰকাশ কৰে, "যদি আপোনাৰ হাতত এনেকুৱা এটা বুটাম থাকে যিয়ে পৃথিৱীৰ বেয়া কাম কৰিব পাৰে, তেন্তে আপুনি সেইটো সকলোকে দিব বিচাৰিবনে?" ২০১৬ চনত প্ৰযুক্তিগত এককতাৰ বিষয়ে হোৱা এখম কনফাৰেঞ্চত অল্টমেনে কৈছিল, "আমি আমাৰ সকলো উৎস ক'ড মুকলি কৰাৰ পৰিকল্পনা কৰা নাই। বৰং "বিশ্বৰ বহল অঞ্চলসমূহক ব'ৰ্ডত প্ৰতিনিধিত্ব দিয়াৰ" পৰিকল্পনাৰ কথা উল্লেখ কৰিছিল। গ্ৰেগ ব্ৰকমেনে কযৈছিল যে "আমাৰ লক্ষ্য এতিয়া হ'ল কৰিবলগীয়া সম্ভবপৰ সৰ্বোত্তম কামটো কৰা। এই কাম কি অলপ অস্পষ্ট।"

২০১৯ চনৰ আশে-পাশে OpenAIএ GPT-2 ততালিকে মুকলি কৰি নিদিয়াৰ প্ৰাৰম্ভিক সিদ্ধান্তৰ কাৰণ সম্ভাৱ্য অপব্যৱহাৰৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত "সাৱধানতাৰ পক্ষত ভুল" কৰা স্থিতিৰ কথা কৈছিল। কিন্তু মুক্ততাৰ সমৰ্থকসকলে ইয়াক সমালোচনা কৰিছিল। টেক্সট জেনেৰেচনৰ বিশেষজ্ঞ ডেলিপ ৰাওৱে কৈছিল যে "মই নাভাবো যে OpenAIএ GPT-2 আচলতে বিপজ্জনক বুলি ধাৰণা কৰিবলৈ পৰ্যাপ্ত সময় খৰচ কৰিছিল।" আন সমালোচকসকলে যুক্তি দিছিল যে গৱেষণাৰ নিৰ্ভূলতা আৰু নিৰ্ভৰযোগ্যতাৰ পুষ্টি কৰিবলৈ আৰু আনকি প্ৰতিকাৰৰ ব্যৱস্থা উলিয়াবলৈকো কোডসমূহ মুকলিকৈ প্ৰকাশৰ প্ৰয়োজন।

শেহতীয়াকৈ ২০২২ চনত OpenAIএ মানৱ মূল্যবোধৰ সৈতে সংগতিস্থাপন সমস্যাটোৰ বিষয়ে এক দৃষ্টিভংগী  প্ৰকাশ কৰে। তেওঁলোকে কয় যে অদূৰ ভবিষ্যতে সৃষ্টি হোৱাৰ সম্ভাৱনা থকা মানৱ বুদ্ধিমত্তাৰ সমকক্ষ 'এজিআই' (Artificial General Intelligence-AGI)ক মানৱ মূল্যবোধৰ সৈতে সংগতিস্থাপন কৰাৱোটো বৰ্তমানৰ এআই ব্যৱস্থাসমূহক সংগতিপূৰ্ণ কৰাতকৈ অধিক কঠিন হ'ব। "বিসংগতিপূৰ্ণ এজিআইয়ে মানৱতাৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে আৰু এজিআইক সংগতিপূৰ্ণ কৰা এনে এটা সমস্যা যি সমাধান কৰাটো ইমানেই কঠিন হ'ব পাৰে যে ইয়াৰ বাবে সকলোৱে একেলগে কাম কৰাৰ প্ৰয়োজন হ'ব।" তেওঁলোকে এআই ব্যৱস্থাক প্ৰশিক্ষণ দিবলৈ সমাজৰ মতামত কেনেকৈ উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে অন্বেষণ কৰাৰ প্ৰয়োজনীয়তাৰ কথা কৈছে। 

২০২৩ চনৰ নৱেম্বৰ মাহৰ পুনৰ্গঠনৰ পিছত অল্টমেনৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে ঘূৰি অহা আৰু ছাটস্কেভাৰক বাদ দি নতুন পৰিচালনা সমিতিৰ গঠনে, এই প্ৰকাশিত দৃষ্টিভংগীৰ সম্ভাৱ্য পৰিৱৰ্তনৰ ইংগিত দিয়ে। অধিক ব্যৱসায়িক মনোযোগ আৰু অপেনএআইৰ বৰ্ডত নিৰাপত্তা সম্পৰ্কে সতৰ্ক লোকৰ প্ৰভাৱ হ্ৰাস, এই দুয়োটাই কৃত্ৰিম বুদ্ধমত্তাৰ ভৱিষ্যত বিকাশ আৰু দিশক লৈ উদ্বিগ্নতাৰ সৃষ্টি কৰিছে।

উৎস

OpenAI - Wikipedia

AI alignment - Wikipedia